নকল ধৰাৰ বাবেই ধুবুৰী জিলাৰ আদাবাৰী এম ই স্কুলত নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল এগৰাকী টেট শিক্ষয়ত্ৰীক।যোৱা ২০ জুনত বিদ্যালয়খনত অনুষ্ঠিত সপ্তম আৰু অষ্টম শ্ৰেণীৰ মাহিলী পৰীক্ষাত নকল কৰা একাংশ বিদ্যাৰ্থীৰ নকল জব্দ কৰিছিল শিক্ষয়িত্ৰীগৰাকীয়ে।সেই ঘটনাৰ পোটক তুলিবলৈকে একাংশ সমাজবিৰোধী লোকে সোমবাৰে তাজমিন বেগম নামৰ টেট শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়ৰ ভিতৰতে বেয়াকৈ মাৰপিট কৰে।বেগমে নাক-মুখত যথেষ্ট আঘাত পায়।আৰক্ষী আহিহে শিক্ষয়িত্ৰীগৰাকীক উদ্ধাৰ কৰে।
এগৰাকী মহিলা শিক্ষাগুৰু বিদ্যালয়ৰ ভিতৰতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱাটো ৰাজ্যৰ ভিতৰতে এটা নোহোৱা-নোপোজা ঘটনা হিচাপে চিহ্নিত হৈছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত টেট শিক্ষয়িত্ৰীসকল অসুৰক্ষিত হৈ পৰাটোক ই পুনৰ প্ৰমাণ কৰিছে।ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি হৈ অহাটোকো ই প্ৰতীয়মান কৰিছে।দক্ষতাৰে শিক্ষকতাৰ ধৰ্ম পালন কৰাৰ বাবেই এগৰাকী মহিলা শিক্ষয়িত্ৰী দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা ঘটনাটোৰ তীব্ৰ নিন্দা কৰিছে ৰাজ্যৰ সচেতন মহলে।
- Log in to post comments
- 9 views