আজিৰ দিনটো ভাৰতীয় ক্রিকেটৰ বাবে এটা বিশেষ দিন।১৯৮৩ চনৰ এই তাৰিখটোতে ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলে সদায় মনত ৰাখি আহিছে।১৯৮৩ চনৰ ২৫ জুনৰ দিনটোতে ভাৰতে ইংলেণ্ডৰ লৰ্ডছৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে অৰ্জন কৰিছিল বিশ্বকাপ।আজিৰ দিনটোতে 'কপিলছ ডেভিলছ' বাহিনীয়ে বিশ্বৰ সমূহ ক্ৰিকেটপ্ৰেমীকে আশ্চৰ্যচকিত কৰি অতিকৈ শক্তিশালী ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি অৰ্জন কৰিছিল বিশ্বকাপ।
আজিৰ দিনটোতে লৰ্ডছৰ চৌদিশে উৰিছিল ভাৰতীয় জাতীয় পতাকা।সমগ্ৰ ভাৰতবাসী হৰ্ষোল্লাসত বুৰ গৈছিল।খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে মাত্ৰ ১৮৩ ৰাণ কৰিছিল।সেই সময়ৰ একপ্ৰকাৰৰ অপৰাজয় ৱেষ্ট ইণ্ডিজ হেলাৰঙে এই লক্ষ্য অতিক্ৰম কৰি একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰিব বুলি সকলো নিশ্চিত আছিল যদিও সেই দিনা কপিল দেৱ বাহিনীয়ে প্ৰৱল ইচ্ছাশক্তিৰে অসম্ভৱকো সম্ভৱ কৰি তুলিছিল।
মহিন্দৰ অমৰনাথ(৩ উইকেট),মদন লাল(৩ উইকেট)আৰু বলৱিন্দৰ সিং সান্ধু(২ উইকেট)ৰ দুৰ্দান্ত বলিঙে ৱেষ্ট ইণ্ডিজক ১৪০ ৰাণতে সীমাবদ্ধ কৰি ৰখাটো ভাৰতে বিশ্বকাপ জয় কৰাটো সম্ভৱপৰ হৈ পৰিছিল।অমৰনাথে ১২ ৰাণত ৩ উইকেট দখল কৰি ৱেষ্ট ইণ্ডিজৰ কঁকাল ভাঙি দিছিল আৰু ফাইনেলৰ মেন অব দ্য মেছ হৈছিল।খেলখনত মদন লালৰ বলত ভিভিয়ান ৰিচাৰ্ডছৰ শ্বটত অধিনায়ক কপিল দেৱে পিছুৱাই দৌৰি ধৰা অতি কঠিন কেচৰ স্মৃতি এতিয়াও সজীৱ ক্ৰিকেটপ্ৰেমীৰ মনত।উল্লেখ্য যে ৩৩ ৰাণত মাৰমুখী বেটিং কৰি থকা ৰিচাৰ্ডছ আউট হোৱাটোতে খেলখন ভাৰতৰ পক্ষলৈ আহিছিল।
- Log in to post comments
- 30 views