শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :
ভুমি কেলেংকাৰীত জড়িত থকাৰ অপৰাধত সোমবাৰে গ্ৰেপ্তাৰ কৰে দেৰগাঁৱৰ বৰ্তমানৰ তথা কৰিমগঞ্জৰ প্ৰাক্তন চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱাক। প্ৰাপ্ত অভিযোগ মতে গোহাঁই বৰুৱা কৰিমগঞ্জৰ চক্ৰ বিষয়া হৈ থকাৰ সময়তে সুতাৰকান্দিৰ লেণ্ডকোট অথ'ৰিটিৰ এটা বন্দৰ নিৰ্মাণৰ সময়ত ৬কোটি টকাৰ এক বৃহৎ ভূমি কেলেংকাৰী সংঘটিত হৈছিল।ঘটনাটোত জড়িত থকাৰ অভিযোগত ইতিপূৰ্বে দুজন কাননগোক গ্ৰেপ্তাৰ কৰি জেল হাজোতত পঠাই থৈছে কৰিমগঞ্জ আৰক্ষীয়ে।তদন্তৰ কাম আগবঢ়াই আজি কৰিমগঞ্জৰ প্ৰাক্তন চক্ৰ বিষয়া গৰাকীক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ইফালে,এই সমগ্ৰ ভূমি কেলেংকাৰীৰ নায়ক কৰিমগঞ্জৰ বহু বিতৰ্কিত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী এতিয়াও জামিনত মুক্ত হৈ খোলা আকাশৰ তলত থাকিলেও যি কোনো মুহুৰ্ততে আহাদ জালত পৰিব পাৰে বুলিও এক সুত্ৰৰ পৰা জানিৱ পৰা গৈছে।
- Log in to post comments
- 66 views