লাহৰীঘাটৰ পৰা স্বামীমুল ইছলামৰ প্ৰতিবেদন :
লাহৰীঘাটৰ উদ্দীপন সমন্বয় গোষ্ঠীৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ পৰা ২০১৯ শিক্ষাবৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা ৬১ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সোমবাৰে সম্বৰ্ধনা জনোৱা হয়। কৃতী ছাত্র-ছাত্ৰীসকলক এখনকৈ ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপেৰে সম্বৰ্ধনা জনোৱাৰ লগতে অভিভাৱকসকলকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষ স্বপ্ন নীল ডেকা, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ উৎপল নাথ, বিশিষ্ট সাংবাদিক নজৰুল ইছলাম, বিশিষ্ট চিকিৎসক ড০ জিয়া উল হকৰ লগতে কেবা শতাধিক শিক্ষাৰ্থী তথা স্থানীয় লোক।
উদ্দীপন সমন্বয় গোষ্ঠীয়ে আয়োজন কৰা অভিনন্দন অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী গছ পুলি ৰোপণৰ শুভাৰম্ভ কৰে লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ শইকীয়া আৰু উদ্দীপন সমন্বয় গোষ্ঠীৰ উপ-সভাপতি আখতাৰ হুছেইনে। উল্লেখ্য যে উক্ত অনুষ্ঠানতে লাহৰীঘাট অঞ্চলৰ জ্যেষ্ঠ নাগৰিক লয়ৰাম ডেকা, সফল কৃষক আফাজ উদ্দিন, সফল অভিভাৱক ফজলুল ইছলাম, যুৱ উদ্যোগী নুৰুল হুদা, যুৱ সমাজ সেৱক নেকিবুল হকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
- Log in to post comments
- 6 views