গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
গোলাঘাটত ইতিমধ্যে চুৰি ,ড্ৰাগছ ব্যৱসায় আদিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলি থকাৰ মাজতে দেওবাৰে গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত এটি আৰক্ষী দলে আটক কৰিবলৈ সক্ষম হয় এটা বৃহৎ চুৰি চক্ৰক। গোপন সূত্ৰৰ ভিত্তিত যোৰহাট কাকজানৰ অৰূপ বৰুৱা নামৰ এজন ভুৱা ডি টি অ' সহ তিনিটাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে।
জানিব পৰা মতে, চুৰি চক্ৰৰ লগত জড়িত ভুৱা ডিটিঅ'ৰ ছদ্মবেশী অৰূপ বৰুৱাই যোৰহাট পৌৰসভা বজাৰৰ জি এচ আই ৰূমত দীৰ্ঘদিনৰ পৰা এটা ভুৱা ডিটিঅ' কাৰ্যালয় খুলি চুৰি বাইক, স্কুটীৰ নম্বৰ প্লেট,আৰ চি কাৰ্ড আদি প্ৰস্তুত কৰি আহিছিল। ইতিমধ্যে উক্ত কাৰ্যালয়ৰ পৰা এটা কম্পিউটাৰ, দহখন আৰচিৰ লগতে বহু কেইখন ব্লেংক আৰচি জব্দ কৰিছে। চোৰকেইটাৰ পৰাও আৰক্ষীয়ে এখন বুলেট, দুখন পালচাৰ বাইক, এখন স্কুটী ,এখন স্পেলণ্ডাৰ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
- Log in to post comments
- 2 views
