জিতুমনি নাথ,মৰিগাঁও :
মৰিগাওঁ জিলাৰ মিকিৰভেটা আৰক্ষীৰে চলোৱা এক অভিযানত নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় চলাই থকা এজন লোক সহ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিতাভ শেনচোৱাৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা নিচাযুক্ত সামগ্ৰী ব্যৱসায়ী জনৰ নাম হৈছে ধমেন্দ্ৰ হীৰা। নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা ধমেন্দ্ৰ হীৰাক জাজৰি পাগহালী গাৱঁৰ এক ফাৰ্ম হাউচৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিতাভ শেনচোৱাই জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি সমগ্ৰ হাবিবৰঙাবাৰী,কপাহেৰা,চাবুকধৰা,মিকিৰভেটা আদি অঞ্চলত এক ক'লা ব্যৱসায়ী চক্ৰই আৰম্ভ কৰিছিল নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়।
এই বিষয়ে মিকিৰভেটা আৰক্ষীয়ে তথ্য লাভ কৰাৰ লগে লগে আৰম্ভ কৰে অভিযান। মিকিৰভেটা আৰক্ষীয়ে চলোৱা দুটাকৈ অভিযান বিফল হয় যদিও নিশা সফল হয় আৰক্ষী। অঞ্চলটোত নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা চক্ৰটোৰ মূল নায়ক ধমেন্দ্ৰ হীৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমানৰ ড্ৰাগছ,ব্ৰাউন চুগাৰ,গাঞ্জা, নিচাযুক্ত টেবলেটকে আদি কৰি বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰীয়ো জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে মিকিৰভেটা আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ী জনক আজি মৰিগাঁও আদালতত হাজিৰ কৰাই আৰু আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ বাবে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ী জনক ৫ দিনৰ বাবে নিজৰ জিন্মাত বিচৰা বুলিও জানিব পৰা গৈছে।
- Log in to post comments
- 11 views