নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
আজি ২৪জুন। এই দিনটো আহিলেই মনত পৰে নগঞা ৰাইজে পাহৰিব নোৱাৰা এক কলংকময় কৰুণ ইতিহাস । ১৮৬১চনৰ "ফুলগুৰিৰ ধেৱা"ৰ পিছৰ পৰা এই পৰ্য্যন্ত নগঞা ৰাইজৰ সংগ্ৰামী সত্বাক কোনো ধৰণৰ দমন তথা নিপীড়িণেই বিচলিত কৰিব পৰা নাই । পৰিবৰ্তনকামী শক্তিৰ উকমুকনিত সৃষ্টি হোৱা গৌৰৱময় ইতিহাসৰ পাতত নগাঁৱৰ অৱদানৰ কথা ভাগে ভাগে সংযোজিত হৈ আছে । দেশ স্বাধীন হোৱাৰ পাছত আজিৰ ২৪জুন অসম আৰু অসমীয়াৰ বাবে এক "তেজে ধোৱা দিন"। এই দিনটোতে পৃথকে পৃথকে নগাঁৱৰ ১৩জনকৈ তেজাল ডেকাই মৃত্যুক আকোৱালি লোৱাৰ লগতে আন দুজন আজি পৰ্য্যন্ত সন্ধানহীন হৈয়েই থাকিল ।
১৯৯৪চনত সংঘটিত হৈছিল প্ৰথমটো ঘটনা । ২৪ জুনৰ দিনটোতে নগাঁৱৰ বিভিন্ন প্ৰান্তৰ সাতজনীয়া সংযুক্ত মুক্তি বাহিনী,অসম (আলফা)ৰ দল ৰাওনা হৈছিল প্ৰশিক্ষণৰ বাবে । নিশা আশ্ৰয় গ্ৰহণ কৰিছিল নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ কাৰ্বি আংলঙৰ চিতলমাৰী গাঁৱৰ ৰাম বাহাদুৰৰ ঘৰত । পুৱতি নিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আত্মসমৰ্পণকাৰী আলফাৰ গোট এটিৰ সৈতে ভাৰতীয় সেনাবাহিনীৰ সাতজনীয়া এটি দলে আলফাৰ দলটিক আটক কৰি আনি নাতিদূৰৈত ভুৱা সংঘৰ্ষৰ ৰূপ দি ক্ৰমে বেবেজীয়াৰ সমীপৰ কুঁজীডাহৰ হেমেন্দ্ৰ নাথ,চকলাঘাটৰ হিৰণ্য বৰুৱা, দলংঘাটৰ ৰাজীৱ বসুমতাৰী,ৰাইদঙীয়াৰ বিশ্বজিৎ বৰা আৰু ৰহাৰ পুতুল মেধীক হত্যা কৰে । আলফা সদস্যক আশ্ৰয় দিয়াৰ অপৰাধত ঘৰৰ গৰাকী ৰাম বাহাদুৰকো মৰিয়াই মৰিয়াই ঘৰৰ চোতালতে হত্যা কৰা হৈছিল ।ইয়াৰ পাছতে নিথৰুৱা হৈ পৰে ৰাম বাহাদুৰৰ পত্নী পবীন মায়া আৰু দুবছৰীয়া শিশু কন্যা এটি ।এই ঘটনাটোত একেলগে আটক হোৱা শেতালিৰ প্ৰদীপ বৰুৱা আৰু কাছমাৰীৰ সুবৰ্ণ কোঁৱৰ আজি পৰ্য্যন্ত সন্ধানহীন হৈয়েই থাকিল । হত্যা কৰা যুৱক পাঁচজনৰ মৃতদেহ নগাঁৱৰ সমীপৰ এখন শ্মশানত ওপৰা-ওপৰিকৈ টায়াৰৰ ওপৰত জাপি কেৰাচিন ঢালি জ্বলাই দিয়া হয় । সেই সময়ত আৰক্ষী তথা সেনাবাহিনীৰলোকৰ বাহিৰে আন কোনো লোককে শ্মশানত প্ৰবেশ কৰিব দিয়া হোৱা নাছিল ।এয়াই আছিল পাতনি । পাঁচজন যুৱকক ওপৰা-ওপৰিকৈ এখন চিতাতে তুলি জ্বলাই দিয়া ঘটনাই আলোড়ন সৃষ্টি কৰিছিল । সৰ্বস্তৰতে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ধিক্কাৰ ধ্বনি উচ্চাৰিত হৈছিল ।
এই হত্যাৰ আতংক মাৰ নৌ যাওতেই দ্বিতীয় ঘটনা সংঘটিত হৈছিল সেই একেই ২৪ জুন তাৰিখেই, পৃথক আছিল মাত্ৰ বছৰটোহে।১৯৯৬ চনত কাৰ্বি আংলং জিলাৰ বৈঠলাংছত সংঘটিত হৈছিল দ্বিতীয়টো ঘটনা । নিহত হৈছিল নগাঁৱৰে চাৰিজন সুঠাম ডেকা ক্ৰমে বেবেজীয়াৰ সমীপৰ মাহৰিআটিৰ শিৱ প্ৰসাদ বৰা,ডিমৌ চাৰিআলিৰ সমীপৰ অনিল ডেকা, ননৈৰ তপন শৰ্মা আৰু ৰহাৰ ধ্ৰুৱজ্যোতি বৰগোহাঁই ওৰফে ছাদ্দাম ।
তৃতীয় ঘটনা সংঘটিত হৈছিল পুনৰ সেই ২৪জুনতেই, ২০০০চনত আৰু কাৰ্বি আংলং জিলাৰে জনজাতীয় লংজাপ গাঁৱত । এই ঘটনাটোত নিহত আন চাৰিজন যুৱক ক্ৰমে বেবেজীয়া চাৰিআলিৰ সমীপৰ ভাৰত বৰদলৈ,ৰহঢ়লাৰ দুলু ডেকা,কামপুৰৰ ভকত বৰা আৰু ভোটাই গাঁৱৰ প্ৰশান্ত বৰা । ইয়াৰে প্ৰশান্ত বৰা আলফাৰ বৈদেশিক সচিব আছিল ।এনেদৰেই ২৪জুনৰ দিনটোতে নগাঁৱৰ ১৩জনকৈ সুঠাম তথা তেজাল ডেকাই স্বাধীনতাৰ নামত পৃথকে পৃথকে মাতৃভূমিৰ বাবে মৃত্যুক আকোৱালি লৈছিল ।উল্লেখ্য যে আলোকচিত্ৰখন কেইখন শ্মশানৰ বাহিৰত থকা এজোপা গছত উঠি সংগ্ৰহ কৰিছিল বিশিষ্ট ফটো সাংবাদিক তথা ইউ বি ফোটোজৰ স্বত্বাধিকাৰী উৎপল বৰুৱাই ।
- Log in to post comments
- 173 views