বঙাইগাঁৱত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা 

bgn

বঙাইগাঁওঃ

২৩ জুনঃ সদৌ অসম ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও আঞ্চলিক শাখাই আজি বঙাইগাঁও চহৰৰ দুগৰাকী কৃতী ছাত্ৰীৰ লগতে শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এই উপলক্ষে ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও শাখাৰ সম্পাদক ৰত্নেশ্বৰ শৰ্মাৰ সঞ্চালনাত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও ৰাস মন্দিৰত অনুষ্ঠিত হোৱা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংস্কৃত বিষয়ত বঙাইগাঁও মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত অম্লান আভা বৰুৱা , উচ্চতৰ মাধ্যমিক পৰীক্ষাত দশম স্থানপ্ৰাপ্ত নিখিতা পাঠকৰ লগতে বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংলিছ মিডিয়াম) ৰ অধ্যক্ষ আব্দুল মান্নান , বঙাইগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ উপাচাৰ্য্য পংকজ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ এই অনুষ্ঠানত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰিকেন্দ্ৰ নাথ শৰ্মা ,বৰদাকান্ত ভাগৱতী , হিৰণ্ময় গোস্বামীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Your Comments