বঙাইগাঁও অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইচিছ সেৱা শুভাৰম্ভ কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

bgn

 বঙাইগাঁওঃ ২৩ জুনঃ

বঙাইগাঁও, চিৰাং,  ধুবুৰী, গোৱালপাৰা আৰু কোকৰাঝাৰৰ বৃক্কৰ ৰোগী সকলৰ বাবে সুখবৰ ৷ বৃক্কৰ ৰোগত আক্ৰান্ত এই ৫ জিলাৰ ৰোগীসকলে এতিয়াৰে পৰা বিনামূললীয়াকৈ লাভ কৰিব ডায়েলাইচিছৰ সুবিধা ৷ আজি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰাইজৰ সেৱাৰ্থে 'প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনি'ৰ অধীনত বিনামূলীয়া ডায়েলাইচিছ সেৱা মুকলি কৰাৰ লগে লগে ৰোগীসকলৰ বাবে এই সুবিধা সহজলভ্য হৈ পৰিল ৷ উল্লেখ্য যে বৰ্তমান বৃক্কৰ ৰোগীসকলে ইয়াৰ বাবে গুৱাহাটীলৈ যাব লাগিছিল অথবা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অধিক ব্যয় বহন কৰিব লগা হৈছিল ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ অধীনত শুভাৰম্ভ কৰা এই বিনামূলীয়া ডায়েলাইচিছ সেৱাৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷bgn2

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এই আঁচিনিয়ে বঙাইগাঁৱৰ লগতে চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰাৰ ৰোগীসকলকো উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে ৷ আনহাতে অনুষ্ঠানত উপস্থিত থকা দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৱে এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক ডাঃ অচ্যুত বৈশ্যই এই অভিলাষী আঁচনিৰ বিষয়ে বাখ্যা কৰি ইয়াৰ দ্বাৰা বৃক্কৰ ৰোগীসকল যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে ৷ লগতে তেওঁ এই আঁচনিৰ সুবিধা ল’বলৈ ৰোগীসকলক আহ্বান জনায় ৷ কাৰ্যবাহী সঞ্চালকগৰাকীয়ে আঁচনিখনৰ বিষয়ে কেৱল বঙাইগাঁৱতে নহয়, বৰং চুবুৰীয়া জিলাসমূহতো ইয়াৰ বিষয়ে উপযুক্ত প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ আনহাতে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে জিলাখনত এই আঁচনিখনৰ সফল ৰূপায়ণ তথা আঁচনিখনৰ জড়িয়তে যাতে গৰিষ্ঠসংখ্যক ৰোগী উপকৃত হ’ব পাৰে তাৰ ওপৰত গুৰুত্বাৰোপ কৰে ৷ ইপিনে অনুষ্ঠানৰ আৰম্ভণিতে আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয় ৷bgn4

ইয়াৰ পিছতে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীয়ে ৷ উদ্বোধনী অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান, বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, উত্তৰ শালমৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল, জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা আদি উপস্থিত থাকে ৷ উল্লেখ্য যে এই আঁচনিৰ অধীনত ৰোগীসকলৰ চিকিৎসাৰ সকলো সুবিধা বিনামূলীয়াকৈ উপলব্ধ হ’ব ৷ এই বিনামূলীয়া ডায়েলাইচিছ সেৱা কেন্দ্ৰত ৰোগীসকলে চিকিৎসাৰ নথিসমূহ পৰীক্ষাৰ পিছতে পঞ্জীয়ণ কৰিব পাৰিব ৷ দেওবাৰৰ বাহিৰে বাকী সকলো দিনতে এই সেৱা কেন্দ্ৰ পুৱা ৯-৩০ বজাৰ পৰা মুকলি থাকিব ৷ প্ৰতিটো ডায়েলাইচিছত প্ৰয়োজন হ’ব ৫-৬ ঘণ্টাকৈ ৷ 
 বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ বিনামূলীয়া ডায়েলাইচিছ সেৱা কেন্দ্ৰত ডায়েলাইজাৰ যন্ত্ৰৰ লগতে এজন কনছালটেণ্ট নেফ্ৰ’লজিষ্ট, এজন চিকিৎসক, এজন জ্যেষ্ঠ ডায়েলাইচিছ টেকনিচিয়ান, এজন কনিষ্ঠ ডায়েলাইচিছ টেকনিচিয়ান, নাৰ্ছ, আৰু সহায়ক থাকিব ৷ কনছালটেণ্ট নেফ্ৰ’লজিষ্ট গৰাকীয়ে প্ৰতি দুসপ্তাহৰ মূৰে মূৰে এবাৰকৈ কেন্দ্ৰটো পৰিদৰ্শন কৰিব ৷ মন কৰিবলগীয়া কথা এয়ে যে বৃক্কৰ ৰোগৰ বাবে ভাৰতত বছৰি মুঠ প্ৰায় ৩.৪ কোটি ডায়েলাইচিছৰ প্ৰয়োজন হয় ৷ অসমত বৰ্তমান এই সেৱা কেৱল ৩ খন চিকিৎসা মহাবিদ্যালয় আৰু কেইখনমান ব্যক্তিগতখণ্ডৰ চিকিৎসালয়তহে উপলব্ধ হৈছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ প্ৰতিটো ডায়েলাইচিছত দুহেজাৰৰ পৰা তিনি হেজাৰ টকা পৰ্যন্ত ব্যয় হয় ৷ ইয়াৰ উপৰিও অহা-যোৱাৰ ব্যয় আৰু ঔষধৰ ব্যয় মিলি এক বৃহৎ পৰিমাণৰ ধন ৰোগী এজন আৰু তেওঁৰ পৰিয়ালে বহন কৰিব লগা হয় ৷ সেয়ে এই আঁচনিৰ জড়িয়তে ৰোগীসকলে সকাহ লাভ কৰিব ৷  উল্লেখ্য যে ২০১৬-১৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ ঘোষণামৰ্মে বৃক্কৰ ৰোগত আক্ৰান্ত ৰোগীক বিনামূলীয়া ডায়েলাইচিছ সেৱা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিখন আৰম্ভ কৰা হৈছে ৷ অসমত এই আঁচনি মুঠ ১৮ টা কেন্দ্ৰত উপলব্ধ হ’ব ৷ চেন্নাইৰ এপ’ল’ চিকিৎসালয়ৰ সহযোগত এই আঁচনি ৰূপায়ণ কৰা হ’ব ৷ এই আঁচনি ৰূপায়ণ হ’ব লগা ১৮ টা কেন্দ্ৰত মুঠ ১০৫ টা ডায়েলাইচিছ যন্ত্ৰ বহুওৱা হ’ব ৷ ইয়াৰে ৮ টা কেন্দ্ৰত ইতিমধ্যে ৪৫টা ডায়েলাইচিছ যন্ত্ৰ বহুওৱা হৈছে ৷ ডায়েলাইচিছ সেৱাৰ শুভাৰম্ভণি অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া-কৰ্মচাৰীসকল আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-কৰ্মচাৰীসকলৰ লগতে ভালে সংখ্যক লোক উপস্থিত থাকে ৷

Your Comments