দক্ষিণ কৰিমগঞ্জৰ খাগাইল গাঁৱত এনকেফেলাইটিছৰ প্ৰকোপ:৩ জনৰ মৃত্যু

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী

দক্ষিণ কৰিমগঞ্জৰ খাগাইল গাঁৱত একাংশ লোক এনকেফেলাইটিছত আক্রান্ত হোৱাত জনসাধাৰণ আতংকিত হৈ পৰিছে।এটা সপ্তাহতেই খাগাইল গাঁৱৰ  তিনিজন লোকৰ মৃত্যু হৈছে ৰোগবিধত আক্রান্ত হৈ।তিনিজনেই মিজোৰামৰ পৰা এই ৰোগত আক্ৰান্ত হৈ কেইদিনমান পূৰ্বে ঘৰলৈ আহিছিল।মৃত লোককেইজন হৈছে গুলেনুৰ ৰহমান,তাজ উদ্দিন আৰু শনিবাৰে মৃত্যু হোৱা ছাহিন আহমদ।ইফালে, গাঁৱৰ একাংশ লোক জ্বৰত আক্ৰান্ত হৈছে বুলি গাঁওবাসীয়ে জনাইছে।

Your Comments