বৰপথাৰ আৰক্ষী জালত স্বয়ম্ভু চাৰ্টাৰ্ড একাউণ্টেন্ট:ব্যৱসায়ীৰ পৰা ১৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ

ca

সৰুপথাৰৰ পৰা নবীন বৰা

 ধনশিৰী মহকুমাৰ বৰপথাৰ আৰক্ষীয়ে বৰপথাৰৰ এজন ব্যৱসায়ীৰ পৰা ভুৱা পৰিচয়েৰে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গুৱাহাটীৰ পৰা এজন স্বয়ম্ভু চাৰ্টাৰ্ড একাউণ্টেন্টক গ্ৰেপ্তাৰ কৰাৰ বাতৰিত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উত্থাপিত অভিযোগ অনুসৰি বৰপথাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰদীপ বৰবৰাৰ আয়কৰ সম্পৰ্কীয় সকলো নথিপত্ৰ তথা কাম-কাজ যোৱা প্ৰায় তিনিবছৰৰো অধিক কাল গুৱাহাটীৰ আমবাৰীৰ বুলি তথা নিজকে চাৰ্টাৰ্ড একাউণ্টেন্ট হিচাপে পৰিচয় দিয়া সন্দীপ খ'খৰীয়া নামৰ এজন লোকে চোৱাচিতা কৰি আহিছিল। কিছুদিন পূৰ্বে আয়কৰ বিভাগৰ লোকে ব্যৱসায়ীজনৰ ঘৰত তালাচী চলোৱাত চাৰ্টাৰ্ড একাউন্টেন্টজনৰ ওপৰত ব্যৱসায়ীজনৰ সন্দেহ ওপজাত বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ব্যৱসায়ীজনে সমগ্ৰ ঘটনাটো পোহৰলৈ আনে বুলি প্ৰকাশ। অভিযোগ অনুসৰি প্ৰাৰম্ভিক অনুসন্ধান মতে ৭০ লাখ ১৫ হাজাৰ ১৩০ টকাৰ ভুৱা চালান বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে।ca2


আয়কৰ প্ৰদানৰ নামত ব্যৱসায়ীজনক ভুৱা চালান প্ৰদান কৰি স্বয়ম্ভু চিএজনে তেৰ কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতাৰিত ব্যৱসায়ীজনৰ অভিযোগৰ ভিত্তিত শনিবাৰে বৰপথাৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা স্বয়ম্ভু চিএগৰাকীক আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে।ইফালে,আৰক্ষীৰ জেৰাত অভিযুক্ত সন্দীপে নিজকে টেক্স কনচাল্টেন্ট বুলিহে পৰিচয় দিয়া বুলি প্ৰকাশ।প্ৰদীপ বৰবৰাৰ দৰে ৰাজ্যখনৰ আন ব্যৱসায়ীও অভিযুক্ত সন্দীপ খ'খৰীয়াৰ জালত পৰাৰ সম্ভাৱনা থকা বুলি বিভিন্ন মহলে আশংকা প্ৰকাশ কৰি সমগ্ৰ বিষয়টোৰ শক্তিশালী তদন্ত বিচাৰিছে।

Your Comments