নগাঁৱত আৰক্ষীৰ অভিযানত অস্ত্ৰ ব্যৱসায়ী গ্ৰেপ্তাৰ: পিষ্টল জব্দ

arms

নগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্রতিবেদন:২৩ জুন: 
নগাঁও আৰক্ষীয়ে আজি অভিযান চলাই অস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অস্ত্ৰ ব্যৱসায়ী জন হল- নগাঁও চহৰৰ সমীপৰ কেন্দুগুৰিৰ হবিবুৰ ৰহমান(৩৪)। আৰক্ষীয়ে ব্যৱসায়ী জনৰ হাতৰ পৰা এটা বিদেশত নিৰ্মিত নাইন এম এম পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়।  এক গোপন সুত্ৰৰ পম খেদি  নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত নগাঁও সদৰ থানা,নগাঁও নগৰ আৰু হয়বৰগাঁও আৰক্ষীৰ সহযোগত যোৱা এটা আৰক্ষীৰ দলে নগাঁও চহৰৰ সমীপৰ ভকতগাঁৱৰ পৰা মৰনাস্ত্ৰ সহ অস্ত্ৰ ব‍্যৱসায়ী হবিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁৰ পৰা এএছ ০২ এন ০৬০৩ নম্বৰৰ মটৰ চাইকেল খনো জব্দ কৰে। আৰক্ষীৰ সুত্ৰে জানিব পৰা মতে, অস্ত্ৰ ব্যৱসায়ী হবিবুৰ ৰহমানে পিস্তলটো কোনো লোকক বিক্ৰী কৰাৰ বাবে প্ৰস্তুতি চলাইছিল। এই খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই হবিবুৰক মৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ‍্য যে, হবিবুৰে দীৰ্ঘদিন ধৰি অস্ত্ৰৰ ব‍্যৱসায় কৰি আহিছিল বুলি জানিব পৰা গৈছে।

Your Comments