![bgn](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-23%20at%202.09.23%20AM%20%282%29.jpeg?itok=yaVkHKod)
বঙাইগাঁওঃ ২২ জুনঃ
দেশৰ গ্ৰাম্য অঞ্চলসমূহত পৰ্যাপ্ত পৰিমাণৰ পানীৰ অভাৱৰ বাবে কৃষি কৰ্ম তথা অন্যান্য কৰ্মৰ ক্ষেত্ৰত গাঁওবাসী সকলে সন্মুখীন হোৱা সমস্যাসমূহ হৃদয়ংগম কৰি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গাওঁ পঞ্চায়তসমূহৰ প্ৰধান জনলৈ অৰ্থাৎ সভাপতিলৈ এখন আন্তৰিক পত্ৰ প্ৰেৰণ কৰিছে আৰু পত্ৰখনত প্ৰধান মন্ত্ৰীগৰাকীয়ে বৰ্ষা ঋতুৰ সময়ত বৰষুণৰ পানী সংৰক্ষণ আৰু ইয়াৰ সদব্যৱহাৰ কৰি কৃষি কৰ্মত উপকৃত হোৱাৰ ওপৰত পৰামৰ্শ আগবঢ়াইছে। প্ৰধান মন্ত্ৰীগৰাকীয়ে পত্ৰখনত প্ৰকাশ কৰা ইচ্ছা অনুসৰিয়েই আজি সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাতো মুঠ ৬৫ খন গাঁৱত বিশেষ গাঁও সভা অনুষ্ঠিত কৰা হয় আৰু গাওঁ পঞ্চায়তৰ সদস্য তথা সমূহ গাঁও বাসীৰ উপস্থিতিত পঞ্চায়তৰ সভাপতি আৰু সম্পদকসকলে প্ৰধান মন্ত্ৰীৰ পত্ৰৰ বাৰ্তা সদৰী কৰাৰ লগতে তেওঁ জল সংৰক্ষণ সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শ তথা উদ্দেশ্যসমূহ বিস্তাৰিত ভাৱে উপস্থাপন কৰে।
প্ৰধান মন্ত্ৰীগৰাকীয়ে তেওঁৰ পত্ৰত বৰ্ষা ঋতুৰ আৰম্ভণিৰে পৰা পৰ্য্যাপ্ত পৰিমাণৰ পানী সংৰক্ষণ কৰাৰ কথা উল্লেখ কৰিছে। জল সংৰক্ষণৰ বাবে বিভিন্ন 'শ্ৰমদান' কাৰ্যসূচী যেনে পথাৰত আলি দিয়া, নদী -নিজৰাত বান্ধ দিয়া, পাৰ থকা পুখুৰী খন্দা তথা পৰিস্কাৰকৈ ৰখা, প্ৰয়োজনীয় বৃক্ষ ৰূপণ কৰি বৰষুণৰ পানী সংৰক্ষণৰ বাবে প্ৰয়োজনীয় জলাধাৰ, জলাশয় আদি যথেষ্ট সংখ্যাক নিৰ্মাণ কৰা ইত্যাদিৰ বাবে পৰামৰ্শ আগবঢ়াইছে। আজি অনুষ্ঠিত হোৱা জিলাখনৰ এই ৬৫ খন গাওঁ সভাতেই প্ৰধানমন্ত্ৰীৰ পত্ৰ খন পাঠ কৰা হয় আৰু তাৰ পাছতেই এক আলোচনাৰ জৰিয়তে গাঁও পঞ্চায়ত পৰ্যায়ত এম. জি. এনৰেগা MGNREGA)ৰ অধীনত কেৱল জল সংৰক্ষণৰ ওপৰত অচিৰেই ন ন আঁচনি ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পাছতেই জল সংৰক্ষণৰ সামূহিক শ্ৰমদানৰ অংশ স্বৰূপে গছ পুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে জল সংৰক্ষণৰ বাবেও 'স্বচ্ছ ভাৰত অভিযান'ৰ দৰে এক অভিযান গঢ়ি তোলাৰ বাবে ভাৰতবাসী লৈ তেওঁ যি আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই জিলাখনৰ ৬৫খন গাওঁ পঞ্চয়তত অনুষ্ঠিত কৰা বিশেষ গাঁও সভাসমূহ সফলভাৱে সমাপন হয়। ইপিনে বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেছমিনে এই গাঁও সভাসমূহ পৰিদৰ্শন কৰি অনুষ্ঠানৰ কাৰ্যকাৰিতাৰ বুজ লয়। উল্লেখ্য যে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে প্ৰধান মন্ত্ৰীৰ পত্ৰৰ নিৰ্দেশ যাতে জিলাখনৰ প্ৰতিজন গাঁওবাসীৰ কাষ পায় তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অনুষ্ঠানৰ সফলতা সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰে।
- Log in to post comments
- 54 views