বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভা, জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী

bgn

বঙাইগাঁওঃ ২২ জুনঃ

আজি বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত কমতাপুৰ ভৱনত কোচ ৰাজবংশী জাতীয় মহাসভাৰ এখন কাৰ্যকৰী সভা অনুষ্ঠিত হয় ৷ কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণী কান্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজনৈতিক (জনজাতিকৰণ), অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংগঠনিক, কৰ্মসংস্কৃতি, সাংস্কৃতিক আদি কেবাটাও বিষয়ৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ কৰে ৷ এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিত মহাসভাৰ কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে উল্লেখ কৰা মতে সভাই অসম চৰকাৰৰ মন্ত্ৰীগোটক জনজাতিকৰণৰ বাবে প্ৰয়োজনীয় তথ্য পাতি অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ছয় মাহৰ ভিতৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি কোচ ৰাজবংশীসকলক  জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় ৷

লগতে এই সম্পৰ্কে আলোচনা কৰিবলৈ মহাসভাৰ এটি প্ৰতিনিধি দলে অচিৰেই অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী গোটক সাক্ষাৎ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেইদৰে মহাসভাই বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিকৰণৰ ক্ষেত্ৰত শৈক্ষিক ভাবে দুৰ্বল কোচ ৰাজবংশী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দহ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনায় ৷ আনহাতে অসম চৰকাৰে প্ৰচলিত ভূমিনীতি সলনি কৰি কোচ ৰাজবংশীসকলৰ ভূমি যাতে আন সম্প্ৰদায়ৰ লোকে কিনিব নোৱাৰে আৰু যি সকলে ইতিমধ্যে ক্ৰয় কৰিছে বা ক্ৰয় কৰিব বিচাৰিছে সেই সমূহ যাতে আইনগতভাৱে ঘুৰাই ল'ব পাৰে তাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰা আৰু অইন সম্প্ৰদায়ৰ লোকে কোচ ৰাজবংশীৰ মাটি ক্ৰয় কৰিব বিচাৰিলে সেই মাটি যাতে চক্ৰ বিষয়া, পৌৰসভা, চহৰ উন্নয়ন প্ৰাধিকৰণ, জিলা আৰু মহকুমাৰ সাধাৰণ প্ৰশাসনে যাতে নামজাৰি আৰু  ক্ৰয়- বিক্ৰয়ৰ অনুমোতি নিদিয়ে তাৰ বাবে জাতীয় মহাসভাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

এই সম্পৰ্কত মহাসভাই অচিৰেই প্ৰশাসনলৈ লিখিত পত্ৰ প্ৰেৰণ কৰিব বুলিও বিবৃতিটোত উল্লিখিত কৰে ৷ সেইদৰে দৰে মাটি ক্ৰয়-বিক্ৰয়ত দালালি কৰা সকলো পৰ্যায়ৰ দালাল সকলোক তেনে অবৈধ কাৰ্যৰ পৰা আতৰি আহিবলৈকো সকীয়াই দিয়ে ৷ লগতে এইধৰণৰ পদক্ষেপেহে ভূমিপুত্ৰ আৰু খিলঞ্জীয়াৰ মাটি ৰক্ষা কৰিব পাৰিব বুলি মহাসভাই মতপোষণ কৰে ৷ অন্যথা ভবিষ্যতে সন্দেহজনক বিদেশী আৰু প্ৰতিবেশী ৰাজ্যৰ মানুহে ভূমিপুত্ৰ আৰু খিলঞ্জীয়াৰ মাটি ক্ৰয় কৰি কোচ ৰাজবংশী তথা খিলঞ্জিয়া লোকসকলৰ ভৱিষ্যৎ আৰু অস্তিত্ব নাইকিয়া কৰিব বুলিও কয় ৷ সভাই কোচ ৰাজবংশী যুৱক- যুৱতীসকলোৰ মাজত কৰ্ম-সংস্কৃতি গঢ়ি তুলি স্বৱলম্বী কৰিবলৈ গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে বুলি কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে প্ৰেছ বিবৃতিটোত উল্লেখ কৰিছে 

Your Comments