বইটামাৰীৰ প্ৰতিবেদক :
বঙাইগাওঁ জিলাৰ নৰ্থ বইটামাৰীত মহিলা কল্যাণ সমিতিৰ উদ্যোগত ১৯ আৰু ২০ জুনত নৰ্থ বইটামাৰী গাওঁ পঞ্চায়ত প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন হয় । ২০ জুনৰ পুৱা কলাগুৰুৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পন কৰে আন্ত:ৰাষ্ট্ৰীয় কিক বক্সিং খেলুৱৈ কনক ৰাভাই । তাৰ পিছত ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । সংগীত প্ৰতিযোগিতা সমূহ মুকলি কৰে হলিৰাম নাথে । বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা ।মহিলা কল্যান সমিতিৰ সভানেত্ৰী ঘনমায়া সূত্ৰধৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বঙাইগাওঁ জিলা সাহিত্য সভাৰ সভাপতি তথা মূলাগাওঁ লালবাহাদুৰ শাস্ত্ৰী হাইস্কুলৰ প্ৰধান শিক্ষক অজিত চন্দ্ৰ দাস , ধলাগাওঁ মধ্য ইংৰাজী বিদ্যালয়ৰ সহ: শিক্ষক জয়ধৰ নাথ আদি ব্যক্তি সকলে ৰাভাদেৱৰ জীৱন তথা কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে ।
উক্ত সভাতে অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সকলো বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় মহিলা সমিতিয়ে । সম্বৰ্ধনা কাৰ্যসূচীৰ আঁত ধৰে জনক নাথে । সভাখনত মহিলা সকলে সমবেত সংগীত পৰিৱেশন কৰাৰ বিপৰীতে মুনো দেৱীয়ে গীত পৰিৱেশন কৰে । সমগ্ৰ অনুষ্ঠান পৰিচালনা কৰে মহিলা কল্যাণ সমিতিৰ সম্পাদিকা অমৰাৱতী নাথে । সন্ধিয়া সাংস্কৃতিক অধিৱেশনৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে ।
- Log in to post comments
- 31 views