মৰিগাঁও অসামৰিক চিকিৎসালয়ত  প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া ডায়েলাইচিচ আঁচনি উদ্বোধন মন্ত্ৰী পীয়ুয হাজৰিকাৰ

bagh

মৰিগাঁৱৰ পৰা জিতুমানি নাথৰ প্রতিবেদন :

ৰাজ্যখনৰ অন্যান্য  জিলাৰ লগতে  মৰিগাঁও জিলাৰ মৰিগাঁও অসামৰিক চিকিৎসালয়তো আজি আৰম্ভ কৰা হয় বৃক্ক ৰোগীসকলৰ বিনামূলীয়া ডায়েলাইচিচ সেৱা।  মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ত বৃক্ক ৰোগীসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয়  বিনামূলীয়া ডায়েলাইচিছ আচঁনিখনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুয হাজৰিকাই।
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, এন আৰ এইডছ এইমৰ কাৰ্যবাহী সঞ্চালক ডাঃ এ কে বৈশ্য, মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে  আদি কৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।pixux

উদ্ধোধনী ভাষণত মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সাধাৰণ মানুহৰ বাবে গ্ৰহণ কৰা আচঁনি সমূহৰ ভিতৰত এই আচঁনি খনো এখন অন্যতম আচঁনি। ইয়াৰ জৰিয়তে সাধাৰণ শ্ৰেণী নাগৰিক সকল বাৰুকৈয়ে উপকৃত হব বুলি আশা কৰি মন্ত্ৰী হাজৰিকাই কয় এতিয়া পৰা জিলাখনত দৈনিক ২০ জন ৰোগীয়ে বিনামূলীয়াকৈ ডায়েলাইচিচৰ সেৱা লাভ কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰে।

Your Comments