চেঙাৰ পৰা সুৰজিৎ পাঠক :
বিভিন্ন সময়ত ৰাজ্যৰ জনসাধাৰণ দুষ্টচক্ৰৰ দ্বাৰা প্ৰতাৰিত হ'বলগীয়া হৈ হোৱাৰ সময়তে এইবাৰ দুষ্ট চক্ৰৰ ৰামঠগনৰ বলি হ'ব লগা হ'ল গেছ চিলিণ্ডাৰৰ গ্ৰাহক ।চাৰিটাকৈ ভৰ্তি চিলিণ্ডাৰত পানী থকাৰ অভিযোগ গ্ৰাহকৰ । এই ঘটনা সংঘটিত হয় নলবাৰী জিলাৰ দৌলাশালত। জানিব পৰা মতে নলবাৰী জিলাৰ বগলচ ৰোডস্থিত মেচাৰ্চ পূজা ইণ্ডেন এজেন্সিয়ে প্ৰতি সপ্তাহত যোগান ধৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ ।যোৱা সপ্তাহতো দৌলাশালত বিতৰণ কৰা হয় ৰন্ধন গেছৰ চিলিণ্ডাৰ । কিন্তু এইবাৰ গ্ৰাহকে পালে গেছৰ সলনি পানী ভৰ্তি চিলিণ্ডাৰ ।দুষ্ট চক্ৰৰ দ্বাৰা চিলিণ্ডাৰত পানী ভৰাই ৰামঠগন খোৱা গ্ৰাহকে বিতৰকক ওভোতাই দিয়ে উক্ত চিলিণ্ডাৰ সমূহ । উক্ত পূজা গেছ এজেন্সিৰ কৰ্মচাৰী, চিলিণ্ডাৰ বিতৰণ কৰিবলৈ অহা গাড়ীৰ চালকে গেছৰ সলনি পানী থকা কথাটো স্বীকাৰ কৰি চাৰিওটা পানীভৰ্তি চিলিণ্ডাৰ ওভোটাই নিয়ে এজেন্সিলৈ। চিলিণ্ডাৰত পানী ওলোৱা ঘটনাক লৈ আতংকিত হৈ পৰিছে সাধাৰণ গ্ৰাহক। এনেকৈয়ে একাংশ গেছ এজেন্সিয়ে সাধাৰণ গ্ৰাহকৰ ওপৰত সোধাইছে মাধমাৰ । চিলিণ্ডাৰত পানী থকা ঘটনাৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনলৈ আহ্বান জনাইছে গ্ৰাহকে।
- Log in to post comments
- 4 views