নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্রতিবেদন :
নামৰূপ পতঞ্জলি যোগ সমিতি, বি ভি এফ চি এল নামৰূপ আৰু চি আই এছ এফৰ সহযোগত পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
নামৰূপ বি ভি এফ চি এলৰ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটি বন্তী প্ৰজ্বলনেৰে আৰম্ভ কৰে নামৰূপ সাৰ কাৰখানাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জয় মহেশ্বৰীয়ে। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা যোগ আনুষ্ঠাটিত চি আই এছ এফৰ জোৱান সকলৰ উপৰি চি আৰ পি এফৰ জোৱান সকলৰ লগতে স্থানীয় কেইবাখনো বিদালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে।
সাৰকাৰখানাৰ সচিব প্ৰধান আৰ কে গুপ্তা মুখ্য প্ৰসায়নিক বিষয়া প্ৰণৱ কুমাৰ ভট্টাচাৰ্য আদি বিশিষ্ট লোকসকলো উপস্থিত থাকে। যোগ সাধনাৰ অন্তত অনুষ্ঠিত কৰা বৃক্ষ ৰোপণ কায্যসুচীৰ শুভাৰম্ভ কৰে বি ভি এফ চি এলৰ অধ্যক্ষ সঞ্জয় মহেশ্বৰীয়ে।
- Log in to post comments
- 32 views