নৰেন শৰ্মা,বাহাৰঘাট,২২ জুন:
সমাজত মানুহ দুই ধৰনৰ থাকে৷এভাগে নিজকলৈ ব্যস্ত হৈ থাকে আৰু এভাগে সমাজৰ হৈ কামকৰি ভাল পায়৷বিষ্ণু ৰাভাই সমাজৰ হৈ কাম কৰি ভাল পাইছিল৷তাৰবাবে আঢ়ৈ হেজাৰ বিঘা মাটি খাটিখোৱা কৃষকক অৰ্পণ কৰি নিজেই যাযাবৰী জীৱন কটাইছিল৷এই বক্তব্য প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মাৰ৷আজি বাৰাংহাটীত কলাগুৰু বিষ্ণু প্ৰষাদ ৰাভাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বিষ্ণু ৰাভাৰ কৰ্মময় জীৱনৰ আলোকপাত আৰু বঁটাবিতৰণী সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়৷তেওঁ কয় যি গৰাকী যুৱক বা যুৱতীৰ বুকুত জাতীৰ প্ৰতি কিবা এটা কৰাৰ হেপাহ নেথাকে তেওঁ আজিৰ যুগৰ যুৱক বা যুৱতীয়ে নহয়৷তেওঁ পূনৰ কয় যে আজিৰ সমাজত বিষ্ণু ৰাভাৰ আদৰ্শ লোৱা মানুহৰ অভাৱ হৈছে৷ সমাজকৰ্মী শৰৎ চন্দ্ৰ কলিতাৰ সঞ্চালনাত আবেলি পাচ বজাত বাৰাংহাটী কৃতিৰাম এল পি স্কুল প্ৰাংগনত অনুস্থিত হোৱা আলোচনা সভাখনত লেখক,সাংবাদিক ভূৱনেশ্বৰ লহকৰে আলোচক হিচাবে অংশগ্ৰহণ কৰি কয় যে বৰ্তমান সমাজত দুস্কৃতি বহুত শক্তিশালী সেইবাবেই সংস্কৃতিৰ বিনাশ হবলৈ ধৰিছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ আলোচনা সভাৰ আদৰণি ভাষণ দিয়ে ৰাভা স্মৃতি দিৱস উদযাপন সমিতিৰ সভাপতি অৱনীকান্ত লহকৰে,সভাৰ উদ্দেশ্য আৰু প্ৰতিবেদন পাঠ কৰে উদযাপন সমিতিৰ সম্পাদক ৰাকেশ শৰ্মাই৷উক্ত সভাতে উদযাপন সমিতিয়ে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ বিতৰণ কৰাৰ লগতে কেইবাজনো বিশিষ্ট লোকক সম্বৰ্দ্ধনা জনোৱা হয়৷আলোচনা সভাৰ অন্তত নিশা বৰ্নিল সাংস্কৃতিক সন্ধিয়া অনুস্থিত কৰে৷ইয়াৰ আগতে পুৱা সুকুমাৰ কলা প্ৰতিযোগিতা অনুস্থিত হৈ যায়৷উল্লেখ্য যে ৰাভাদিৱস অৰ্থাৎ যোৱা ২০জুন তাৰিখেই অনুষ্ঠানটোৰ পতাকা উত্তোলন,ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন,বৃক্ষৰোপন,স্বচ্ছ ভাৰতৰ দিশত এখোজ আৰু সন্ধিয়া সমুহীয়া বন্তি প্ৰজ্বালন আদি কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।
- Log in to post comments
- 54 views