লঙ্কাৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
ধনী গ্ৰাহকৰ বাবেহে যেন বৰ্তমান ব্যৱসায় কৰিছে ৰিলায়েঞ্চ কোম্পানী তথা ৰিলায়েঞ্চ তেল ডিপোৱে | দুখীয়া গ্ৰাহকৰ বাবে যেন দুৱাৰ বন্ধ ৰিলায়েঞ্চ তেল ডিপোৰ। এনে এক অৰাজক ঘটনাই সংঘটিত হৈ হোজাই জিলাৰ লংকাৰ ৰিলায়েঞ্চ তেল ডিপোত | লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লাগি থকা ৰিলায়েঞ্চ তেল ডিপোত দুই হাজাৰ টকাৰ তলত খুচুৰা ডিজেল তেল গ্ৰাহকক নিদিয়াক লৈ গ্ৰাহক আৰু ডিপুৰ কৰ্তৃপক্ষৰ মাজত শনিবাৰে সংঘটিত হয় তীব্র বাক বিতণ্ডাৰ। গ্ৰাহকক কোনো বিজ্ঞাপন নিদিয়াকৈ ৰিলায়েঞ্চৰ উৰ্ধতন কৰ্তৃপক্ষৰ পৰা মোবাইলত অহা এক নিৰ্দেশকে সম্বল কৰি দুই হাজাৰ টকাৰ তলৰ খুচুৰা ডিজেল তেল বিক্ৰীৰ বাবে অস্বীকাৰ কৰি আহিছে এই তেল ডিপোটোৰ কৰ্তৃপক্ষই।
ইয়াৰ বিপৰীতে কেৱল ডাঙৰ ডাঙৰ ১০ চকীয়া ট্ৰাকত এখনৰ পিছত আন এখনত ভৰাই গৈছে হাজাৰ হাজাৰ টকাৰ তেল।সাধাৰণ বহু গ্ৰাহকে খুচুৰাভাবে ৫০০ বা ১০০০টকাৰ তেল নিজৰ বাহন খনত ভৰব বিচাৰিয়ো বঞ্চিত হ'ব লগা হৈছে | এনে অৱস্থাতে এজন খুচুৰা গ্ৰাহকে ডিপোটোত উপস্থিত হৈ নিজৰ অসহায় অৱস্থাৰ কথা ব্যক্ত কৰি বহু কাকূটি মিনতি কৰাৰ পিছত ৫০০টকাৰ ডিজেল তেল গ্ৰাহক জনৰ বাহন খনত ভৰাই দিয়ে যদিও গ্ৰাহক জনক দিয়া কম্পিউটাৰ প্ৰিণ্টেড ৰচিড খনত কিন্তু এক হাজাৰ টকাহে লিখা থাকে। পিছত গ্ৰাহক জনে পুনৰ কোৱাত সেইখন ৰচিড উভতাই লৈ তাৰ ঠাইত এক হাতে লিখি ৫০০ টকাৰ শ্লিপ দিয়ে এখন দিয়ে। লংকাৰ ৰিলায়েঞ্চ তেল ডিপোটোৱে নিজ খেয়াল খুচি মতে খুচুৰা গ্ৰাহকক একাষৰীয়া কৰি ৰখাৰ এক ষড়যন্ত্ৰ ৰচনা কৰা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে বেমাৰত আক্ৰান্ত দৰিদ্ৰ ৰোগী সকলক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাবলগীয়া হলেও তেল ডিপোটোৰ একেই নিয়ম বাহাল থাকিবনে? কেনেকৈ ৰিলায়েঞ্চ তেল ডিপুৰ কৰ্তৃপক্ষই গ্ৰাহকৰ বাবে কোনো বেনাৰ নাইবা বিজ্ঞাপন নিদিয়াকৈ নিজ খেয়াল খুচি মতে চলাই আছে এনে নিয়ম |এতিয়া অঞ্চলটোৰ সচেতন লোকসকলে তেল ডিপোটোৰ এনে হঠকাৰীতাৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই উচিত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে।
- Log in to post comments
- 8 views