শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :
কাছাৰৰ বহু বিতৰ্কিত বাগিচা পৰিচালক ওয়াই কে উবাইদিয়াৰ বদলিৰ দাবীত কাছাৰৰ ৰোজকান্দি চাহ বাগিচাৰ কেইবা হেজাৰ শ্ৰমিকৰ আন্দোলনত আজি স্তব্ধ হৈ পাৰে কাছাৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়।বাগিচা খনৰ শ্ৰমিক সকলৰ আজিৰ এই আন্দোলনত সহযোগ কৰে কাছাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল তথা সংগঠনে। উল্লেখ্য যে পূৰ্ব ঘোষনা অনুযায়ীয়ে আজি দুপৰীয়াৰ পৰা এই আন্দোলনৰ কাৰ্য্যসূচীৰ আৰম্ভণি ঘটোৱা হয়।
প্ৰতিকুল বতৰে আজিৰ কাৰ্যসূচীৰ ৰূপায়নত কিছু বিধি পাঠালি দিব বুলি ভবা হৈছিল যদিও প্ৰতিকূল বতৰকো উপেক্ষা কৰি কাছাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতভাগত কেইবাহেজাৰ জনতাই নিৰবাছিন্ন ভাবেই প্ৰতিবাদ চলাই যায়। যাৰ ফলত কাৰ্যালয়টোৰ কাম-কাজ কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে। পিছত বাধ্য হৈ কাছাৰৰ জিলা উপায়ুক্ত মিছ. লায়া মাধুৰীয়ে কাৰ্যালয়ৰ পৰা ওলাই আহি প্ৰতিবাদকাৰী সকলৰ পৰা বিভিন্ন দাবী সন্নিবিষ্ট স্মাৰকপত্ৰ খন গ্ৰহণ কৰি শ্ৰমিকসকলৰ দাবী গুৰুত্বসহকাৰে বিবেচনা কৰা হব বুলি আশ্বাস দিয়াত সাময়িক ভাৱে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 18 views