নগাঁৱত ৯ কেজি ব্ৰাউন চুগাৰসহ এজনক গ্ৰেপ্তাৰ 

drug

নগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্ৰতিবেদন :২২ জুন:

 নগাঁও আৰক্ষীক আংগুষ্ঠ প্ৰদৰ্শন কৰি চহৰখনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী কেতবোৰ অঞ্চলত একাংশ ড্ৰাগছ মাফিয়াই অবাধে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। চহৰখনত নিষিদ্ধ ড্ৰাগছ অতি সূলভ হৈ পৰাত ইয়াৰ কৱলত পৰি যুৱ প্ৰজন্মৰ একাংশই তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰা পৰিলক্ষিত হৈছে। ড্ৰাগছৰ বাবেই চহৰখনত বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ। আনহাতে ড্ৰাগছৰ কৱলত পৰি কে'বাজনো যুৱকে মৃত্যুক সাৱটি ল'ব লগীয়া হৈছে। চহৰখনত ড্ৰাগছৰ ভয়াৱহতাৰ সন্দৰ্ভত ৰাইজ অধিক উদ্বিগ্ন হৈ পৰিছে যদিও এই জলন্ত সমস্যাটোক লৈ জিলা প্ৰশাসন এই পৰ্যন্ত কঠোৰ হোৱা পৰিলক্ষিত হোৱা নাই। শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও ড্ৰাগছ ব্যৱসায় নিৰ্মূল কৰিব পৰা নাই।

drug2

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে আজি নগাঁও আৰক্ষীয়ে এক অভিযান চলাই ৯ কিলোগ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ মাফিয়াজনৰ নাম বাবলু হাজৰিকা বুলি জানিব পৰা গৈছে । আৰক্ষীৰ দলটোৱে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মৰিকলঙৰ বাঁহবাৰীৰ আনোৱাৰা বেগম ওৰফে তাতকানি নামৰ এগৰাকী মহিলাৰ ঘৰত আজি বিয়লি অভিযান চলাই ৯ কিল'গ্ৰাম ব্ৰাউন চুগাৰৰ লগতে ২১ টা কণ্টেনাৰ, দুইপেকেট ধপাত, নগদ ৫৩ হাজাৰ টকা আৰু ৰূপৰ গহণাও জব্দ কৰে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আনোৱাৰা বেগম নামৰ মহিলা গৰাকীয়ে টিংকু আলী, বাবলু আলী আৰু চাজমা খাতুন নামৰ ব্যক্তি কেইগৰাকীৰ সহযোগত এই নিষিদ্ধ ড্ৰাগচৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই চক্ৰটোৰ  এজন সদস্যক কৰায়ত্ত কৰে যদিও বাকী কেইজন পলাই সাৰিবলৈ সক্ষম হয় ।

স্মৰ্তব্য যে, যোৱা ২২ মে'ৰ দুপৰীয়াও নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও চহৰৰ সমীপবৰ্তী চিলঙনী ভকতগাঁৱৰ পৰা প্ৰায় ৫ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰাৰ লগতে  বাহাৰুউদ্দিন নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰিছিল

Your Comments