আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা উগ্ৰতাৰা বিগ্ৰহ চুৰি কাণ্ডৰ মূল অভিযুক্ত আজিজুৰ আলিক পুনৰ গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে।পাঞ্জাবাৰীৰ জুৰিপাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে ধৃত আজিজুৰ আলিক।বৰ্তমান দিছপুৰ আৰক্ষীৰ থানাত ৰখা হৈছে ধৃত চোৰটোক।উল্লেখ্য যে লতাশিল আৰক্ষীয়ে আজি পুৱাৰ ভাগত তদন্তৰ বাবে হাতগাঁৱলৈ নিয়াৰ সময়ত আৰক্ষীৰ হাতৰ পৰা হেণ্ডকাফসহ পলায়ন কৰিছিল চোৰটোৱে।
- Log in to post comments
- 29 views