![sibsagar](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-22%20at%208.34.58%20AM.jpeg?itok=pPpobcHN)
কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ
স্বাধীনোত্তৰ কালৰ অসমৰ শিক্ষা, সংস্কৃতি, সাহিত্য, ৰাজনীতি, ক্ৰীড়া আৰু সমাজ সংস্কাৰৰ এগৰাকী স্বনামধন্য ব্যক্তি, অসমৰ এক উজ্জল নক্ষত্ৰ ' সেউজ কোঁৱৰ ' পৰাগ চলিহাদেৱৰ বিংশতম মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় । সেউজ কোঁৱৰৰ সপোনৰ আঁচনি শিৱসাগৰ কালীবাৰীৰ চাও-ল্যুং চ্যুকাফা ইনড'ৰ ষ্টেডিয়াম প্ৰাঙ্গনত থকা সেউজ কোঁৱৰৰ আৱক্ষ মূৰ্তিৰ স্থলিত শুক্ৰবাৰে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে চলিহা দেৱৰ সহধৰ্মিণী দীপালী চলিহাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰ জিলা উপায়ুক্ত ডা: লক্ষ্মণন এছ, লক্ষ্মীকান্ত মহন্তকে ধৰি ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে ।
মৃত্যু দিৱসৰ দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি কাৰ্যসূচী সামৰা হয় যদিও মৃত্যু দিৱসৰ মূল কাৰ্যসূচী ৩০ জুনত অনুষ্ঠিত হ'ব । সেইদিনা প্ৰয়াত সেউজ কোঁৱৰৰ সমুহ ৰচনাৱলী কিতাপ আকাৰে প্ৰকাশ কৰি উন্মোচন কৰা হ'ব । শিৱসাগৰ নাট্য মন্দিৰত ড° নগেন শইকীয়াই উন্মোচন কৰিব এই ৰচনাৱলী । ইয়াৰোপৰি নৱ প্ৰজন্মকে মুখ্য কৰি সমাজৰ মাজত সেউজ কোঁৱৰৰ আদৰ্শ, কৰ্মৰাজি, দৰ্শনক অবিস্মৰণীয় কৰি ৰাখিবৰ বাবে তেখেতৰ সুৰাৰোপিত গী-মাত-নৃত্য প্ৰদৰ্শন কৰা হব।
- Log in to post comments
- 9 views