নিউজ ডেস্ক :
কাৰিকৰী শিক্ষাৰ প্ৰতি আগ্ৰহী ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সু-খবৰ। অসম চৰকাৰৰ দক্ষতা,নিয়োগ আৰু উদ্যমীতা বিভাগৰ অধীনত আগন্তক বর্ষত ৰাজ্যত স্থাপন কৰা হ'ব নতুনকৈ পাঁচখন মিনি আইটিআই। ২০২০ বর্ষৰ পৰা নতুনকৈ পাঠ্যক্ৰম আৰম্ভ হ'ব লগা এই মিনি আইটিআই কেইখনৰ নিৰ্মাণ ইতিমধ্যেই সম্পূৰ্ণ হৈ গৈছে। দুধনৈ, পাঠশালা, তিতাবৰ,লাহোৱাল আৰু গোলোকগঞ্জত নিৰ্মাণ কৰা হৈছে এই আই টি আই কেইখনৰ। এই কথা জানিবলৈ দিছে অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমীতা বিভাগৰ সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱাই।তেওঁ লগতে জানিবলৈ দিয়ে যে নতুনকৈ আৰম্ভ হ'ব লগা মিনি আইটিআই কেইখনত মুঠ আসনৰ সংখ্যা থাকিব ১০০০খন।ইয়াৰ উপৰিও আৰম্ভণি বর্ষত প্ৰতিখন আইটিআই প্ৰতিষ্ঠানত দুই-তিনিটা গুৰুত্বপূৰ্ণ বিভাগহে থাকিব।পৰৱৰ্তী সময়ত নতুন নতুন বিভাগ সংলগ্ন কৰা হ'ব।বৰ্তমান সময়ত ৰাজ্যৰ ২৯খন চৰকাৰী আইটিআই প্ৰতিষ্ঠাত মুঠ ৪২টাকৈ বিভাগ থকা বুলি তেওঁ জানিবলৈ দিয়ে।
আনহাতে নতুনকৈ আৰম্ভ কৰিব লগা মিনি আইটিআই প্ৰতিষ্ঠান কেইখনত ঠিকাভিত্তিক নিযুক্তি প্ৰদান কৰা হ'ব।এই নিযুক্তি প্ৰদানৰ বাবে ইতিমধ্যে সঞ্চালকালয়ে অসম চৰকাৰলৈ পদৰ সবিশেষ প্ৰেৰণ কৰাৰ কথা তেওঁ উল্লেখ কৰে।সেই অনুসৰি পাঁচখন মিনি আইটিআই বাবে পাঁচজন অধীক্ষকৰ লগতে ১৭০জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিয়া হ'ব বুলিও তেওঁ জানিব দিয়ে।
উল্লেখ বৰ্তমান সময়ত ৰাজ্যত ২৯খন চৰকাৰী আইটিআই প্ৰতিষ্ঠানত মুঠ আসনৰ সংখ্যা আছে ৯৮৫২খন।
- Log in to post comments
- 26 views