বঙাইগাঁৱত আক্ৰাছুৰ সংবাদ মেল:চলিত বাজেট অধিৱেশনতে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী আক্ৰাছুৰ

bgn

বঙাইগাঁওঃ ২১ জুনঃ

সংসদৰ চলিত বাজেট অধিৱেশনতে অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন গৃহীত কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ এনডিএ চৰকাৰক নিজৰ প্ৰতিশ্ৰুতি আৰু দায়বদ্ধতা পালন কৰিবলৈ দাবী জনাইছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ( আক্ৰাছু)ই ৷ আজি বিয়লিৰ ভাগত বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিক এখন সংবাদ মেলত সংগঠনটোৰ নেতৃত্বই এই দাবী জনায় ৷ সংগঠনটোৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন, সভাপতি  অৰুণ কুমাৰ ৰায় ,ভাৰপ্ৰাপ্ত সম্পাদক পুৰেণ ৰায় আদি উপস্থিত থকা সংবাদ মেলখনত আক্ৰাছুৰ নেতৃত্বই  হৈ যোৱা লোক সভা নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন হোৱাত নতুন কেন্দ্ৰীয় চৰকাৰলৈ আদৰণি জনায় ৷ লগতে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক সোঁৱৰাই দি কয় যে বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙাইগাঁৱৰ তুলুঙীয়াত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত তথা নিৰ্বাচনী ইচ্ছ্যু হিচাপে কোচৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈকে চৰকাৰখনে ৰক্ষা নকৰিলে ৷bgn3

আনহাতে চলিত বছৰৰ ৯  জানুৱাৰীত সংসদৰ শীতকালীন অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল অন্তিম দিনা ৰাজ্যসভাত উত্থাপন কৰি নিৰ্বাচনী ইচ্ছ্যু কৰি ৰাখিলে আৰু জনজাতিকৰণৰ সমস্যাটো সমাধানৰ বাবে কোনো আগ্ৰহ প্ৰকাশ নকৰিলে ৷ তাৰোপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটোৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া মন্ত্ৰীগোট (Group of Ministers) য়ে জনজাতিকৰণৰ যাৱতীয় প্ৰতিবেদন বিগত ১৫ ফেব্ৰুৱাৰীৰ দিনা দাখিল কৰাৰ কথা আছিল যদিও মন্ত্ৰীগোটে আজিলৈকে এই প্ৰতিবেদন দাখিল নকৰিলে ৷ সেয়ে চৰকাৰৰ এনে কাৰ্যত আক্ৰাছুৱে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ ইপিনে আক্ৰাছুৰ নেতৃত্বই  ছয় জনগোষ্ঠীৰ জনজাতিতৰণৰ ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰি থকা জনজাতি ঐক্য মঞ্চ(ট্ৰাইবেল সংঘ), এবছু আৰু জনজাতি সুৰক্ষা মঞ্চক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি নকৰিবলৈকো কঠোৰ সকিয়নী দিয়ে ৷ সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই লগতে চলিত বাজেট অধিৱেশনতেই অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিতৰণৰ বিধেয়ক গৃহীত কৰি নিজৰ প্ৰতিশ্ৰুতি আৰু দায়ৱদ্ধতা পালন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷ তাৰোপৰি বিগত ২০১৪ চনত ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্যৰ দাবী সন্দৰ্ভত তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ লগত আৰম্ভ হোৱা ৰাজনৈতিক ত্ৰিপাক্ষিক বৈঠক অনতি পলমে আক্ৰাছু, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত পুনৰ অনুষ্ঠিত কৰি এক ৰাজনৈতিক সমাধান সূত্ৰৰ জৰিয়তে সমস্যা সমাধান কৰিবলৈ দাবী জনায় ৷ অন্যথা পুনৰ তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ আক্ৰাছু প্ৰস্তুত বুলি নেতাত্ৰয়ে সংবাদ মেলত দোহাৰে ৷ সংবাদ মেলত অহা ৯ জুলাইত আক্ৰাছুৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব বুলি ব্যক্ত কৰাৰ লগতে উক্ত সভাতে সংগঠনটোৱে পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে ৷ আক্ৰাছুৰ লগতে চিলাৰায় সেনা আৰু সদৌ কোচৰাজবংশী মহিলা সমিতিৰ কেন্দ্ৰীয় নেতৃত্বসহ জিলা সমিতিৰ নেতৃত্ব উপস্থিত থাকিবলগীয়া উক্ত বৈঠকত সংগঠনৰ আভ্যন্তৰিণ বিষয় সন্দৰ্ভতো বিস্তাৰিতভাৱে আলোচনা হ'ব বুলি প্ৰকাশ কৰে ৷ সংবাদ মেলত সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ,সম্পাদিকা মালতী ৰায়ৰ লগতে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ কে'বাজনো বিষয়ববীয়া উপস্থিত থাকে 

Your Comments