বঙাইগাঁওঃ ২১ জুনঃ
সমগ্ৰ দেশ তথা বিশ্বৰ লগতে আজি বঙাইগাঁৱতো পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৷ বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা আয়ুস বিভাগ, স্বাস্থ্য বিভাগ, নেহৰু যুব কেন্দ্ৰ আৰু বঙাইগাঁও পতঞ্জলি যোগ সমিতিৰ সহযোগত বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিতত ইক' পাৰ্কত আনুষ্ঠানিকভাৱে উদযাপন কৰা যোগ দিৱসৰ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভৰাম্ভ কৰে । জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে উদ্বোধনী তথা আদৰণি ভাষণত কয় যে যোগাভ্যাস হৈছে প্ৰাকৃতিক চিকিৎসা । এই যোগাভ্যাসৰ জৰিয়তে আমি আমাৰ শৰীৰ, মন, চিন্তা শক্তি আৰু কৰ্মৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ সক্ষম হোৱাৰ লগতে আত্মসংযমী হ'বলৈ সহায় কৰে ৷
সেইদৰে শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা প্ৰদান কৰি লোক এজনক নিৰোগী কৰি তোলাৰ লগতে লোকজনক সুস্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে আৰু মানুহ আৰু প্ৰকৃতিৰ মাজত সামঞ্জস্যতা বজাই ৰাখে । আধ্যাত্মিক আৰু অতি সুক্ষ্ম বিজ্ঞানৰ ওপৰত আধাৰিত যোগে ব্যক্তি আৰু সমাজ অৰ্থাৎ ব্যক্তিগত আৰু সামূহিক চেতনাক একত্রিত কৰে বুলিও কয় ৷ তেওঁ লগতে কয় যে চিকিৎসা বিজ্ঞানীৰ মতামত অনুসৰি চিকিৎসাৰ সহায়ত নিৰ্মূল কৰিব নোৱাৰা ৰোগ যোগাভ্যাসৰ সহায়ত নিৰাময় কৰিব পৰা যায় । তাৰোপৰি প্ৰাচীন কালত ঋষি-মুনিসকলে যোগাভ্যাসৰ জৰিয়তে সু-স্বাস্থ্যৰ গৰাকী হৈ সুন্দৰ জীৱন- যাপন কৰিবলৈ সক্ষম হৈছিল। সেয়ে নিয়মিতভাৱে যোগাভ্যাস কৰাটো আমাৰ নিতান্তই আৱশ্যক ।আমাৰ দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত ৰাষ্ট্ৰৰ মহাসভাত বিশ্বৰ সমগ্ৰ ৰাষ্ট্ৰকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছিল আৰু সেই আহবানৰ প্ৰতি সহাঁৰি জনাইয়ে সংযুক্ত ৰাষ্ট্ৰৰ মহাসভাই প্ৰত্যেক বছৰৰ ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুপাতে আজি আমি সকলোৱে একত্রিত হৈ উক্ত দিৱস সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাতো পালন কৰিবলৈ সমৰ্থ হৈছো বুলিও তেওঁ কয়। ইয়াৰ পিছতে ভজন পৰিৱেশিত হয় ৷ ভজনৰ পৰিৱেশনৰ পিছতে যোগ দিৱসৰ অনুষ্ঠানৰ মুখ্য অংশ ৰূপে বঙাইগাঁও পতঞ্জলি যোগ সমিতিৰ অনিমা দেৱীৰ সঞ্চালনাত পুৱা ৭.১৫ বজাৰ পৰা ৮.১৫ বজালৈ সমূহীয়া যোগাভ্যাস অনুষ্ঠিত হয় ৷
এই অনুষ্ঠানত সৃজনগ্ৰাম আৰু ডাংতল যোগ কেন্দ্ৰইও সহযোগ আগবঢ়ায়। আনহাতে সমূহীয়া যোগাভ্যাসৰ পিছতে অনুষ্ঠিত হয় প্ৰদৰ্শনিমূলক যোগৰ অনুষ্ঠান ৷ এই অনুষ্ঠানতে অন্যান্যসকলৰ লগতে জিলাখনৰ দুগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে অঞ্জন ৰায়( ৭০ ) আৰু ভূমিধৰ দাসে( ৮৫ ) বিভিন্ন ধৰণৰ যোগ প্ৰদৰ্শন কৰি উপস্থিত সকলোকে উৎসাহিত তথা স্তম্ভিত কৰি তোলে । যোগ দিৱসৰ অনুষ্ঠানত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল , বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস , অনুপম ডেকা , অৰূপ কুমাৰ শৰ্মা , অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী , উপ-আৰক্ষী অধীক্ষক মৈত্রেয়ী ডেকা , জিলা কোষাগাৰ বিষয়া ধীৰেন্দ্ৰ নাৰায়ণ কলিতা , বঙাইগাঁও জিলা নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ সমন্বয়ক আতোৱাৰ ৰহমান, বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি সুকেন ৰায়, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া- কৰ্মচাৰী, বঙাইগাঁও ল'ৱাৰ আসাম হাস্পতালৰ স্বত্বাধিকাৰী তথা চিকিৎসক ডাঃ ইতেশ বৰদলৈ , জিলা শিক্ষা বিভাগৰ বিষয়া - কৰ্মচাৰী, বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক - শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রী , আৰক্ষী বাহিনী , অৰ্দ্ধ সৈনিক বাহিনীকে ধৰি কেবা শতাধিক লোকে অংশ গ্ৰহণ কৰি যোগাভ্যাস কৰে ৷ যোগ দিৱসৰ অনুষ্ঠান পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈ পুৱা ৮ঃ ৩০ বজাত সামৰণি পৰে ৷
- Log in to post comments
- 12 views