হাইলাকান্দিত হাই ভল্টেজৰ বিদ্যুৎৰ তাঁৰ ছিঙি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ গাত

silsar

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন  

হাইলাকান্দি জিলাৰ জামিৰা আৰক্ষী চকীৰ অন্তৰ্গত ৬২৭ নং কিল্লাৰবাক প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ এজন ছাত্র দুৰ্ভাগ্যজনকভাবে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুবৰণ কৰে।জানিব পৰা মতে ছাত্ৰ  ছয়েফ উদ্দিন বৰভুইয়াই দুপৰীয়াৰ ভাগত স্কুলৰ পৰা ঘৰলৈ উভতি আহি থকাৰ সময়তেই হাই ভল্টেজৰ বিজুলী তাৰ এডাল ছাত্ৰ জনৰ গাৰ ওপৰতে ছিঙি পৰাৰ ফলত ঘটনাস্থলীতেই ছাত্ৰ জন মৃত্যুমুখত পৰে।
স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বিজুলী বিভাগৰ দায়িত্বহীনতাৰ ফলতেই অকালতে এনেদৰে প্ৰাণ দিৱলগীয়া হ'ল কনমানি ছয়েফে। ছাত্ৰ জনৰ মৃত্যুৰ বাবে বিদ্যুৎ বিভাগকে প্রত্যক্ষভাবে দায়ী কৰি স্থানীয় ৰাইজে ছাত্রজনৰ পৰিয়াললৈ ক্ষতিপূৰণ হিচাপে ‍১০ লাখ টকাৰ এক চৰকাৰী সাহায্য দিয়াৰ দাবী উত্থাপন কৰিছে। 

 

Your Comments