বঙাইগাঁওঃ২১ জুনঃ
বঙাইগাঁৱৰ বিশিষ্ট কবি, সাহিত্যিক তথা বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুন্দ শৰ্মাৰ কালি সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটে ৷ বঙাইগাঁও চহৰৰ ভাকাৰীভিটা নিবাসী বিশিষ্ট সাহিত্যিকগৰাকী বিয়লিৰ ভাগত হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ বঙাইগাঁৱৰ আৰোগ্য হাস্পতালত ভৰ্তি কৰে যদিও সন্ধিয়া ৬ঃ৪৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ ৭২ বছৰ বয়স হৈছিল ৷ মুকুন্দ শৰ্মাই কালি বিয়লি পাঁচ মান বজাত বঙাইগাঁও চহৰত এটা ইউনিয়নে আয়োজন কৰা ৰাভা দিৱসৰ কাৰ্যসূচীত উপস্থিত হোৱাৰ বাবে ঘৰৰ পৰা ওলাই যাবলৈ যো- জা চলাই থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰে ৷ তেওঁ মুখেৰে তেজ- বমি কৰাত লগে লগে পৰিয়ালৰ লোকে মুকুন্দ শৰ্মাক বঙাইগাঁৱৰ আৰোগ্য হাস্পতালত ভৰ্তি কৰে ৷ কিন্তু সন্ধিয়া ৬ঃ৪৫ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷
উল্লেখ্য যে বৰপেটা জিলাৰ সৰুপেটাৰ ওচৰৰ ভালাগুৰি গাঁৱত ১৯৪৭ চনৰ ১৭ জুলাইত জন্ম গ্রহণ কৰা মুকুন্দ শৰ্মাই ১৯৬৭ চনত বঙাইগাঁৱৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে চাকৰিত যোগদান কৰে। বিদ্যালয়খনত কিছুদিন উপাধ্যক্ষ পদত কাম কৰাৰ পিছত ১৯৯৭ চনত তেওঁ ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷ পিছত ২০০৪ চনৰ ২৯ ফেব্ৰুৱাৰীত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। সদায় মানুহৰ মাজত থাকি ভাল পোৱা মুকুন্দ শৰ্মা এগৰাকী কবি, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, লেখক তথা গল্পকাৰ হিচাপে পৰিচিত আছিল ৷ সেইদৰে তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে বঙাইগাঁৱৰ বিভিন্ন সামাজিক তথা সাহিত্য অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল ৷ তেওঁ বঙাইগাঁও জিলা সাহিত্য সভাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ থকাৰ লগতে জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও আছিল ৷ একেদৰে তেওঁ অসম বহুভাষিক কবি সন্মিলনৰ মুখ্য উপদেষ্টা পদো অলংকৃত কৰি আছিল ৷ তেওঁ অসম কবি সন্মিলন আদিৰ সৈতেও জড়িত হৈ আছিল ৷ ইতিমধ্যে তেৱঁক অসম কবি সন্মিলনে 'কাব্যনিধি' উপাধিও প্ৰদান কৰিছে ৷ নাট্যচৰ্চা তথা অভিনয়ৰ প্ৰতি ধাউতি থকা মুকুন্দ শৰ্মাই পূৰ্বে কেবাটাও যাত্ৰা নাট্য দলৰ সৈতে জড়িত হৈ থকাৰ লগতে নাট্যদলত অভিনয়ও কৰিছিল ৷ আনকি তেওঁ ১৯৮১ চনত ভাকাৰিভিটাত 'অৰুণোদয় নাট্য গোষ্ঠী ' নামেৰে নাট্য দলো গঠন কৰিছিল ৷
বঙাইগাঁৱৰ নাট্য আন্দোলনত তেঁৱৰ গুৰুত্বপূৰ্ণ অৱদান আছিল ৷ সাহিত্যিকগৰাকীয়ে বিভিন্ন কাকত, আলোচনী, স্মৃতিগ্ৰন্থ আদিত কবিতা, গল্প, প্ৰৱন্ধ- পাতি লিখি থৈ যোৱাৰ লগতে কেবাখনো গ্ৰন্থও প্ৰকাশ পাইছে ৷ তেওঁৰ প্ৰকাশিত বিভিন্ন গ্ৰন্থসমূহ হ'ল 'চেতনাৰ ভগ্ন চিৰিত এদিন'(যুটীয়া কবিতা সংকলন, ১৯৮৪ ), ' বিকশিত কলমৰ গোন্ধ'(আধুনীক গীতি সংকলন, ১৯৮৬ ), 'সূৰ্য- সাপ- শব্দ'(তিনিখন প্ৰচাৰধৰ্মী একাংকিকা সংকলন,১৯৮৭ ), 'শব্দাদি( কবিতা সংকলন,২০১৪), 'বীথিকা'(প্ৰতীকধৰ্মী পূৰ্ণাংগ নাটক, ২০১৪) 'জোলোঙাৰ যাদু'(প্ৰচাৰধৰ্মী শিশু একাংকিকা,২০১৪), 'ব'হাগত ভ্ৰূণৰ সংবাদ'(কাব্য সংকলন,২০১৪), 'শব্দটো আমাৰ বাবে নতুন নহয়'( কাব্যগ্ৰন্থ,২০১৪), 'বিক্ষত শোভা'( গল্প সংকলন,২০১৪) ,'শিক্ষা- জ্যোতি'(নিৰ্বাচিত শিক্ষা সম্বন্ধীয় প্ৰৱন্ধ,২০১৮) , 'কাব্য-জ্যোতি'( কবিতা বিষয়ক নিৰ্বাচিত প্ৰৱন্ধ,২০১৮)'শব্দাতীত'( কবিতা সংকলন,২০১৮) আদি ৷ অৱশ্যে তেওঁৰ কিছু লেখনি অপ্ৰকাশিত হৈয়ে ৰৈ গ'ল ৷ ইপিনে শিক্ষাবিদ তথা সাহিত্যিকগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে আত্মীয়- স্বজনৰ লগতে বহু গুণমুগ্ধই তেওঁৰ ভাকাৰীভিটাৰ চৌধুৰীপাৰাস্থিত বাসভৱনত ভিৰ কৰাৰ লগতে মৃতকলৈ শ্ৰদ্ধাঞ্জলি জনায় ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী , তিনিগৰাকী জীয়াৰী,জোৱাই ,নাতি-নাতিনী, আত্মীয় স্বজন আৰু বহু গুণমুগ্ধক এৰি থৈ যায় ৷ আজি নিউ বঙাইগাঁও শ্মশানত তেওঁৰ শেষকৃত সম্পন্ন কৰা হয় ৷ ইয়াৰ পূৰ্বে পুৱা ৯ঃ১০ মান বজাত মুকুন্দ শৰ্মাৰ নশ্বৰ দেহ তেওঁ শিক্ষকতা কৰা বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অনা হয় ৷ ইয়াত প্ৰয়াত শিক্ষাবিদগৰাকীৰ নশ্বৰ দেহত ৰাজহুৱাভাৱে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷
ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান, সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ,অধিবক্তা হৰেশ্বৰ দাস, বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ , বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ টিকেন্দ্ৰ নাথ শৰ্মা আদিৰ লগতে অসম বহুভাষিক কবি সন্মিলন, কাব্য কানন বহুভাষিক কবি সন্মিলন, বঙাইগাঁও শাখা সাহিত্য সভা, বঙাইগাঁও শাখা অসম বিজ্ঞান সমিতি, ভাৰত বিকাশ পৰিষদৰ বীৰঝৰা শাখা, জ্যেষ্ঠ নাগৰিক সন্থা, বঙাইগাঁও জিলা উচ্চতৰ মাধ্যমিক শিক্ষক সন্থা আৰু কৰ্মচাৰী সন্থা, বিজুলী ক্লাৱ, বঙাইগাঁও জিলা অগপ ,বীৰঝৰা পাব্লিক লাইব্ৰেৰী, বাৰোৱাৰী পূজা সমিতি, বঙাইগাঁও জিলা লেখিকা সমাৰোহ সমিতি আৰু বঙাইগাঁও শাখা সমিতি, বীৰঝৰা কন্যা মহাবিদ্যালয়, অভয়াপুৰী সাহিত্য চ'ৰা, হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফেচবুকৰ 'অসমীয়া 'কবিতা চৰ্চা গোট, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা গোট, বঙাইগাঁও জিলা শিল্পী সমাজ, বীৰঝৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, অসম ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও আঞ্চলিক শাখা আদি অনুষ্ঠান - প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে প্ৰয়াত মুকুন্দ শৰ্মাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷ লগতে মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰি ভগৱানৰ ওচৰত এক মিনিট সময় মৌন প্ৰাৰ্থনাও জনায় ৷
ইপিনে মুকুন্দ শৰ্মাৰ আকস্মিক মৃত্যুত বঙাইগাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে ৷ বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব, অসম কৃষ্টি বিকাশ সংঘ, বঙাইগাঁও জিলা সাহিত্য সভা, বঙাইগাঁও শাখা সাহিত্য সভা, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, অসম বহুভাষিক কবি সন্মিলন আদিকে ধৰি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান তথা বহু ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে
- Log in to post comments
- 24 views