সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
চৰাইদেউ জিলাৰ টিঙালীবাম আৰক্ষী চকীৰ অন্তৰ্গত লুখুৰাখন গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত এখন হিৰ্ চুপাৰ স্পেলেনদাৰ বাইক চুৰি হয়। জানিব পৰা মতে সাপেখাতী হাওঁফাওঁ গাঁৱৰ অতুল গগৈৰ নামৰ ব্যক্তিজনে এ এছ ০৪ কে ৫৬২৫ নম্বৰৰ হিৰ' চুপাৰ স্পেলেনদাৰ বাইক এখন লৈ লুখুৰাখন গাঁৱৰ সম্পৰ্কীয়ৰ ঘৰলৈ আহিছিল। আলহী ঘৰৰ পদুলিৰ পৰাই চোৰে বাইকখন লৈ চোৰ উধাও হয় যদিও চোৰটোৱেও এ এছ ০৬ ই ১৭৪৫ নম্বৰ এখন ৰঙা ৰঙৰ পালছা বাইক ঘটনাস্থলীত এৰি থৈ যায়। ঘটনাৰ সন্দৰ্ভত মটৰ চাইকেলৰ গৰাকীয়ে সোণাৰিৰ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছে। এখন গাড়ীৰ সলনি আন এখন গাড়ী থৈ যোৱা ঘটনাই সমগ্ৰ সোণাৰি অঞ্চলতে আমোদৰ খোৰাক যোগাইছে।
- Log in to post comments
- 13 views