বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন :কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

aasu

বাইটামাৰীৰ প্রতিবেদক : 

বঙাইগাওঁ জিলাৰ বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ২৭ সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰে পৰা বইটামাৰীৰ ইন্দিৰা গান্ধী মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈছে ।এই উপলক্ষে আজি পুৱা গ্ৰন্থমেলা উন্মোচন কৰে বইটামাৰীৰ ৰাজহ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম নেওগে । তাৰ পিছত দুপৰীয়া  ১২ বজাত  সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত  সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা তথা অভিনন্দন জনোৱাৰ বাবে  অনুষ্ঠিত হয় মুকলি সভা । সভাখন বন্তি প্ৰজ্বলনেৰে মুকলি কৰি বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি যিনোদ নাথে ভাষা সংস্কৃতিৰ দুৰ্যোগৰ এই সময়ত ছাত্ৰ -ছাত্ৰী সকলক সবল ভাৱে আগবাঢ়ি যাবলৈ আহবান জনায় । সভাৰ উদ্দেশ্য বাখ্যা কৰে বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নীলোৎপল চক্ৰৱৰ্তীয়ে ।aasu2

সভাত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী শিক্ষাৰ্থীক অভিনন্দন জনায় ছাত্ৰ সন্থাই ।সম্বৰ্ধনা তথা অভিনন্দন কাৰ্যসূচীৰ আঁত ধৰে বইটামাৰী আঞ্চলিকৰ শিক্ষা সম্পাদক নীলময় তালুকদাৰে ।  সভাখনত বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম নেওগে কৃতী ছাত্ৰ ছাত্ৰীসকলক এই ফলাফলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি আগলৈ নিৰ্দিষ্ট লক্ষ্যৰে আগবাঢ়ি যাবলৈ আহবান জনায় ।  বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসেয়ো প্ৰতিযোগিতাৰ মনোভাৱেৰে অধ্যয়নত ব্ৰতী হ'বলৈ আহবান জনোৱাৰ লগতে নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰাৰ চেষ্টা কৰিবলৈ আহবান জনায় । তেওঁ কবিতা তথা গীতৰ কলি পৰিৱেশন কৰিও ছাত্ৰ ছাত্ৰী সকলক প্ৰেৰণা যোগায় । সভাত বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কমল কিশোৰ অধিকাৰী , জে এন এম হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মঞ্জুলা দাস ,  সদৌ অসম  ছাত্ৰ সন্থাৰ সহ: সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়কে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্যি  ভাষণ ৰাখে । আজিৰ এই সভাত অঞ্চলটোৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী , শিক্ষক তথা অভিভাৱক সকল উপস্থিত থাকে । উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশন খন ।

Your Comments