গোলাঘাট :
বৃহস্পতিবাৰে গোলাঘাট সদৰ কবি সন্মিলনৰ উদ্যোগত এফ চি আৰু ১ নং টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়ৰ সহযোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। উক্ত বিদ্যালয়ত পূৱা ৮-৩০ বজাত সদৰ কবি সন্মিলনৰ সভাপতি ড৹ দীপালী বৰাই পতাকা উত্তোলন কৰাৰ পিছত বৃক্ষ ৰোপন কৰে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ৰাজুমনি বেজবৰুৱাই। ৰাভাদেৱৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দুলুমণি বৰবৰাই । পুষ্পাঞ্জলী অৰ্পণ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা দেৱীয়ে। প্ৰায় দহখন বিদ্যালয়ৰ পৰা অহা শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাঙ্কন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন হয় আৰু বিজয়ী সকলক মুকলি সভাত প্ৰসংশা পত্ৰ , কিতাপৰ টোপোলা আৰু আৰু জ্যামিতি বাকচেৰে পুৰস্কৃত কৰা হয়।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ দ্বাৰা পৰিবেশন কৰা সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে সদৰ কবি সন্মিলনৰ উপ-সভাপতি কমলাক্ষী দত্তই। সদৰ কবি সন্মিলনৰ সম্পাদক হেমা চৌধুৰী গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত উদ্বোধকৰ ভাষণ প্ৰদান কৰে ৰাজুমণি বেজবৰুৱাই। নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে বিশিষ্ট চিত্ৰশিল্পী ৰাণা কলিতাই। অনুষ্ঠানত উপস্থিত থাকে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক কৰিষ্মা শইকীয়া আৰু সুদক্ষিণা শইকীয়া, সদৰৰ উপ-সভাপতি দীপ হেষ্টিংছ বৰি, মঞ্জুলিকা শইকীয়া, বিশিষ্ট কবি, লেখক মৃগাংক বৰুৱা, নিহাৰিকা শইকীয়া, পপী শইকীয়া, বিদ্যান বৰদলৈ, অপূৰ্ব শইকীয়া, দৃষ্টিৰূপা বৰদলৈ, পম্পী শইকীয়া, নিলীমা বৰা আদিয়ে।
চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে তাহছীন ইৰছাদ, দ্বিতীয় গংগা বাছফৰ , তৃতীয় স্থান প্ৰীতম শইকীয়া আৰু সূৰ্য কৃষ্ণ খাউণ্ডে লাভ কৰে ৷
আনহাতে কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অন্বেষণা কৌশিক, দ্বিতীয় প্ৰীতম শইকীয়া আৰু তাহচিন ইৰচাদ, তৃতীয় অৰ্পনাশ্ৰী বৰকটকীয়ে ৷ অনুষ্ঠানত কণমানি ছাত্ৰী অন্বেষণা কৌশিক আৰু চয়নিকা শইকীয়াই নৃত্য পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে ৷
- Log in to post comments
- 12 views