কাছাৰৰ কালাইনত অসহায় এটা পৰিয়াল: বিজেপি নেতাৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ
শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন:
কাছাৰৰ কালাইনত এটা পৰিয়ালৰ ওপৰত বিজেপি যুৱমাৰ্চৰ নেতা সন্দিপ কৰে একাংশ সাংগো-পাংগোক লগত লৈ নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত কৰে পৰিয়ালটোৰ ঘৰত প্ৰৱেশ কৰি পৰিয়ালটোৰ কেইবাজনো সদস্যক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে সম্পত্তিৰো হানি কৰা বুলি ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে।
অভিযুক্ত সন্দিপ কৰক বিজেপিৰ কালাইন যুৱমৰ্চাৰ সভাপতি বুলি জানিৱ পৰা গৈছে। ঘটনাটোৰ আন দুজন অভিযুক্ত সুবু কৰ আৰু সুখেন্দু কৰ কাছাৰৰ কাটিগৰা বিজেপিৰ প্ৰথমশাৰীৰ নেতা বুলিয়েই পৰিচিত। ইফালে ভুক্তভোগী পৰিয়ালটোৰ সদস্য ববিতা ঘোষে এইক্ষেত্ৰত
ন্যায় বিচাৰ নেপালে আত্মহত্যা কৰিব বুলিও আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
আনহাতে,সমগ্ৰ ঘটনাটো লৈ সংবাদ মাধ্যমে কাটিগৰাৰ আৰক্ষী বিষয়া নয়নমনি সিনহাৰ লগত যোগাযোগ কৰাত তেওঁ মুল্যবান ভুমি আৰু এটা দোকানঘৰক লৈয়ে এই কাজিয়াৰ সুত্রপাত হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
- Log in to post comments
- 152 views