লংকাত চাইল্ড লাইনে উদ্ধাৰ কৰিলে বিবাহ দিবলৈ ওলোৱা নাবালিকাক

child2

লঙ্কাৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

ৰাজ্যত দিনক দিনে বৃদ্ধি পাই অহা অন্ধবিশ্বাস, কু সংস্কাৰ,বাল্যবিৱাহৰ ঘটনা সমূহৰ লগত শেহতীয়াভাৱে সংযোগ ঘটিল তদ্ৰুপ আন এক ঘটনাৰ। লংকাৰ পিপলপুখুৰীত আজি সংঘটিত হয় এক বাল্য বিবাহৰ ঘটনাৰ। ১৪ বছৰীয়া এগৰাকী কিশোৰীক বিৱাহ দিবলৈ ওলাইছিল পৰিয়ালৰ লোকে |

পিছত, বিশেষ সূত্ৰৰ পম খেদি লাভ কৰা খবৰৰ ভিত্তিত লংকাৰ চাইল্ড লাইনৰ সদস্য সকলৰ তৎপৰতাত আৰু উদালী আৰক্ষীৰ সহযোগত লংকাৰ পিপলপুখুৰীৰ পৰা উদ্ধাৰ কৰে উক্ত বাল্য বিৱাহ পাশত আৱদ্ধ হবলগীয়া ১৪বছৰীয়া কিশোৰীগৰাকীক |জানিব পৰা মতে উদ্ধাৰ হোৱা কিশোৰী গৰাকীৰ নাম কাজল দাস | উল্লেখ্য যে, আজি নিশাই আছিল কাজল দাস নামৰ কিশোৰী গৰাকীৰ বিৱাহ | 
পিচত লংকা চাইল্ড লাইনে কিশোৰী গৰাকীক উদ্ধাৰ কৰি লংকা প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত নগাওঁৰ ষ্টেটহোমলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে |

Your Comments