জেংৰাইমুখ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

yg

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ 

 

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে জেংৰাইমুখ মহাবিদ্যালয়তো এদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । কুমাৰবাৰী যুৱক সংঘ আৰু জেংৰাইমুখ মহাবিদ্যালয় ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সহযোগত জেংৰাইমুখ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে জেংৰাইমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড:নৱ কুমাৰ পেগুয়ে।ইয়াৰ পিছত ড:পেগুৱে যোগ দিৱসৰ তাৎপৰ্য,শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধনত যোগাভ্যাসৰ গুৰুত্ব আদি বিভিন্ন দিশ সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ উদ্দেশ্য কৰি বক্তব্য আগবঢ়ায় ।

 

এই অনুষ্ঠানত প্ৰায় দুই শতাধিক শিক্ষাৰ্থী উপস্থিত থাকি যোগ শিক্ষক প্ৰদীপ দাসৰ তত্বাৱধানত যোগাসন আৰু প্ৰাণায়ামৰ বিভিন্ন নিয়ম প্ৰণালীৰ অনুশীলন কৰে। ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ নেহৰু যুৱ কল্যাণ, যোৰহাটৰ অৰ্থ সাহাৰ্যৰে ‌অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আঁত ধৰে জেংৰাইমুখ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ বাহিনীৰ সমন্বয়ক তথা অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক বিনোদ দাসে ।

Your Comments