শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :
বৃহস্পতিবাৰে দুপৰীয়া শিলচৰৰ দিদাৰখুশৰ হৰিনাবস্তি নামৰ স্থানত এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত অঞ্চলটোৰ কেইবাজনো লোক আঘাতপ্ৰাপ্ত হবলগীয়া হয়। বন বিভাগৰ উদাসীনতাৰ বাবেই এনেদৰে বাঘটোৱে জনবসতি থকা অঞ্চলত প্ৰৱেশ কৰি মানুহক আক্ৰমণ কৰিবলৈ সুযোগ পালে বুলি এতিয়া স্থানীয় ৰাইজে অভিযোগ কৰিছে। আহত সকলক বৰ্তমানে শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 85 views