লংকাত বন বিভাগৰ দ্বাৰা জব্দ তিনিখন চালান বিহীন চেণ্ডগ্ৰেভেল কঢ়িওৱা ট্ৰাক

lanka

লঙ্কাৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
 
দিনক দিনে লংকা অঞ্চলত বৃদ্ধি পাবলৈ ধৰিছে অবৈধ বালি, শিল আৰু ৰাবিজৰ ৰমৰমীয়া বেহা | প্ৰতিদিনে লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথ হৈ ডৱকাৰ পৰা লংকা তথা লংকাৰ পাৰ্শ্বৱৰ্তী বিভিন্ন প্ৰান্তলৈ যায় চালান বিহীন অবৈধ বালি, ৰাবিছ আৰু শিলৰ ট্ৰাক | লংকা আঞ্চলিক বনবিভাগৰ এটা দলে বৃহস্পতিবাৰে লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা দলটোৰ তহলদাৰীৰ সময়তে জব্দ কৰে  তিনিখন চালান বিহীন অবৈধ শিল -বালি (চেণ্ডগ্ৰেভেল) ভৰ্তি ডাম্পাৰ গাডী ৷lanka

পঞ্জীয়ন নম্বৰ বিহীন উক্ত গাড়ীকেইখন ৰখাই সোধ-পোছ কৰি থকাৰ সময়তেই ঘটনাস্হলীৰ পৰা পলায়ন কৰে ডাম্পাৰ কেইখনৰ চালক হেন্দিমেন কেইজন |বৰ্তমান গাডী কেইখন ৰখা হৈছে লংকা আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ত |

Your Comments