কাছাৰৰ ৰোজকান্দি চাহ বাগিছাৰ পৰিচালকক বদলিৰ দাবীত ‍‍‍চলা কৰ্মবিৰতিক সমৰ্থন কৃষক মুক্তিৰ

kmss

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :

শ্ৰমিক শোষণকাৰী হিচাপে শেহতীয়াকৈ পৰিচিত হোৱা বহু বিতৰ্কিত ৰোজকান্দি চাহ বাগিছাৰ পৰিচালকক বদলিৰ দাবীৰ সমৰ্থনত থিয় দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাছাৰ জিলা সমিতি। কাছাৰ জিলা প্ৰশাসনে ১৪৪ ধাৰাৰ যোগেদি চলোৱা দমন নীতিৰো তীব্ৰ সমালোচনা কৰে কৃষক সংগঠনটোৱে। আজি বাগিচা খনত সংগঠনটোক প্ৰতিনিধিত্ব কৰি উপস্থিত হৈ কৃষক নেতা  জহিৰ উদ্দিন লস্কৰ,ৰাজকুমাৰ কেওট,ছাত্র নেতা ফৰিদ উদ্দিনে শ্ৰমিকৰ দাবীৰ প্ৰতি তেওঁলোকৰ সমৰ্থন ব্যক্ত কৰে। কৃষক মুক্তিৰ প্ৰতিনিধি দলটোৱে বাগিচা খনৰ শ্ৰমিকসকলৰো খবৰ লোৱা বুলি জানিৱ পৰা গৈছে।উল্লেখ্য যে বিগত ১২দিন ধৰি বাগিচা খনৰ পৰিচালক জনৰ বদলিৰ দাবীত শ্ৰমিক কৰ্মচাৰী সকলে চলাই আহিছে কৰ্মবিৰতি।

Your Comments