ধনতোলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমছূৰ ধৰ্ণা

amsu

বহলপুৰৰ পৰা ৰাতুল ৰঞ্জন দেৱৰ প্ৰতিবেদন :

বঙাইগাওঁ জিলাৰ ধনতোলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ধনতোলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনিয়মিয়া ডাক্তৰৰ উপস্থিতিৰ বাবে আজি স্থানীয় আমছূৰ সদস্যই স্বাস্থ্য কেন্দ্ৰটোত ধৰ্ণা দিয়ে। উল্লেখযোগ্য যে বৃহত্তৰ ধনতোলা বামুণীটিলা অঞ্চলৰ একমাত্ৰ আশা ভৰষাৰ থল এইখন স্বাস্থ্য কেন্দ্ৰত আজি ভালেমান দিনৰ পৰা চিকিৎসকৰ অনিয়মীয়া উপস্থিতিয়ে ৰাইজক ক্ষোভিত কৰি তুলিছে। স্বাস্থ্যকেন্দ্ৰটোত থকা ভাৰপ্ৰাপ্ত চিকিৎসক ছফিয়ৰ ইছলামে আজি ভালেমান দিনৰ পৰা চলন্তাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কেৱল নিশাৰ ভাগত নিজ কৰ্তব্য সম্পাদন কৰি আহাৰ লগতে আনগৰাকী চিকিৎসক সোমা সৰকাৰে স্বাস্থ্য কেন্দ্ৰটোত দিনৰ ভাগত কৰ্তব্য সমাপন কৰি যায়গৈ। ফলত স্বাস্থ্য কেন্দ্ৰটোত আবেলি বা নিশাৰ কোন ভাগত অহা ৰোগী ঘুৰি যাবলৈ বাধ্য হয় আৰু দুৰৰ কোনো চিকিৎসালয়ত নিব লগাত পৰে।

যোৱাকালি আমছূৰ সজাগতা সমদলত ঢলি পৰা এজন সদস্যক চিকিৎসাৰ বাবে লৈ আহি চিকিৎসকক নাপাই ডিপিএম.ক অভিযোগ দিয়ে আৰু ডিপিএমে আজিৰ পৰা স্বাস্থকেন্দ্ৰটোত চিকিৎসক নিয়মীয়াকৈ থকাৰ আশ্বাস দিয়ে যদিও আজিও স্বাস্থ্যকেন্দ্ৰটোত পুৰণি নীতি বাহাল থাকে । আৰু আৱেলীৰ ভাগত চিকিৎসাৰ বাবে অনা সৰু লৰা এটাক ঘুৰাই নিবলৈ বাধ্য হয় আৰু কথাটি আমছূৰ দৃষ্টিগোচৰ কৰে। তেতিয়া আমছূৰ বিষয়-ববীয়াই স্বাস্থ কেন্দ্ৰটোত আহি চিকিৎসকৰ নিয়মীয়া উপস্থিতিৰ বাবে ধৰ্ণা দিয়ে। পিছত বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিতম দাস ঘটনাস্থলীত উপস্থিত হৈ বঙাইগাওঁ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰে ধৰ্ণাৰত অৱস্থাত থকা আমছূৰ বঙাইগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক দেৰাজ উদ্দিন আহমেদৰ লগত টেলিফোনিক বাৰ্তালাপ কৰাই দিয়ে য'ত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে সমস্যা সমাধানৰ আশ্বাস দিয়ে।

Your Comments