ওদালগুৰিৰ পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন :
ওদালগুৰি জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আৰু ওদালগুৰি আঞ্চলিক কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত সংগঠনটোৰ জিলা কাৰ্য্যালয়ত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত ওদালগুৰি জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উপ-সভাপতি শ্ৰী যুত অৰন্য ডেকাই সভাপতিত্ব কৰি সভাখন সুচাৰুৰূপে পৰিচালনা কৰে।
উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে ওদালগুৰি জিলাৰ উপ আৰক্ষী অধীক্ষক ময়িদুল ইছলামৰ লগতে কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী যুত ভবেন ৰাজবংশী, ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনীৰ উপদেষ্টা শ্ৰী যুত নগেন ডেকা, ওদালগুৰি আঞ্চলিক কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী যুত খজেন ডেকা আৰু সাধাৰণ সম্পাদক শ্ৰী যুত নৱজিৎ কোচে ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰেৰণা মুলক বক্তৃতাৰে উদগনি যোগোৱাৰ লগতে ভৱিষ্যত জীৱন উজ্জ্বল হোৱাৰ শুভ কামনা প্ৰদান কৰে। উক্ত সভাত সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰী সকলক জাতীয় গামোচাৰে আদৰণি জনাই ওদালগুৰি আঞ্চলিক কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক শ্ৰী যুত নৱজিৎ দাস আৰু সহ সম্পাদক শ্ৰী যুত সঞ্জীৱ মেধিয়ে।
- Log in to post comments
- 23 views