ৰাজীৱ পাতিৰ, মাজুলী,২০ জুন:
দলিলৰ ভেণ্ডৰসকলে এতিয়াৰ পৰা গ্ৰাহকৰ পৰা অতিৰিক্ত মূল্য সংগ্ৰহ কৰিব নোৱাৰিব । লগতে দলিল ক্ৰয় কৰোতে গ্ৰাহকক ভাউচাৰ দিব লাগিব বুলি সতৰ্ক কৰি দিয়া হৈছে । এই সন্দৰ্ভত যোৱা ১৮ জুনত মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত সহকাৰী আয়ুক্ত হিমাদ্রি বৰাৰ অধ্যক্ষতাত মাজুলীৰ দলিলৰ ভেণ্ডৰ আৰু সচেতন যুৱ নাগৰিকৰ হৈ বিষ্ণু কমল নাথ,হেমন্ত বৰা (জুন),ইমামূল ইজলাম আদিৰ মাজত অনুষ্ঠিত হোৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
উল্লেখ্য যে বিভিন্ন কাম কাজৰ বাবে প্ৰয়োজনীয় দলিল তথা ষ্টাম পেপাৰ ক্ৰয় কৰিবলৈ হ'লে গ্ৰাহকে বৰ্তমানে দুগুণ মূল্য ভৰিব লগীয়া হৈ আহিছে । মাজুলীত দীৰ্ঘদিন ধৰি দলিলৰ ভেণ্ডৰসকলে দহ টকাৰ দলিলত বিশ টকা, বিশ টকাৰ দলিলত চল্লিশ টকাকৈ অতিৰিক্ত মূল্য ধৰ্য্য কৰি গ্ৰাহকক মাধমাৰ শোধাই আহিছে । ভেণ্ডৰসকলে গ্ৰাহকৰ পৰা অতিৰিক্ত মূল্য আদায় কৰি অহা কাৰ্যত ক্ষুন্ন হৈ সচেতন যুৱ নাগৰিকৰ হৈ বিষ্ণু কমল নাথ,হেমন্ত বৰা (জুন),ইমামূল ইছলাম আদিৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে যোৱা ১৩ জুনত মাজুলী জিলা উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰক সাক্ষাৎ কৰি দলিলৰ মূল্য নিৰ্ধাৰণ কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল ।
- Log in to post comments
- 7 views