বঙাইগাঁওঃ ২০জুনঃ
ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে আজি বঙাইগাঁৱতো সৈনিক শিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫০ সংখ্যক মৃত্যু দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় ৷ এই উপলক্ষে বঙাইগাঁও জিলা সাহিত্য সভা আৰু ভূমীশ্বৰ - নাককাটি শাখা সাহিত্য সভাৰ উদ্যোগত তথা ভূমীশ্বৰ - নাককাটি আঞ্চলিক লেখিকা সমাৰোহ সমিতিৰ সহযোগত মূলাগাঁওস্থিত লালবাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয় ৷ ৰাভা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ভূমীশ্বৰ- নাককাটি শাখা সাহিত্য সভাৰ উপদেষ্টা ধ্বনিৰাম চৌধুৰীয়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত বঙাইগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যা তথা লেখিকা ইন্দুমতী শইকীয়াই বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে ৷ ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সমাজকৰ্মী তথা লাল বাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অনিল কুমাৰ সিংহই ৷ দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান ৷
জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভূমীশ্বৰ- নাককাটি শাখা সভাৰ সম্পাদক হেৰম্ব অধিকাৰীয়ে আদৰণি ভাষণ আগবঢ়ায় ৷ আনহাতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সভাৰ সম্পাদক অৰূপ কুমাৰ পাঠকে ৷ সভাত বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খানে মুখ্য অতিথি আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা তথা বিশিষ্ট লেখিকা ড৹ জবা ঠাকুৰীয়াই নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন দৰ্শন, আদৰ্শ, অসমীয়া সাহিত্য, সংস্কৃতিলৈ আগবঢ়াই যোৱা অৱদান তথা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰাসংগিকতাৰ বিষয়ে বক্তব্য ৰাখে ৷ উল্লেখ্য যে ৰাভা দিৱসৰ লগত সংগতি ৰাখি লাল বাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠ কেন্দ্ৰৰ ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত টেঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী সুচিত্ৰা ৰায়, জে বি হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী পিয়াৰা খাতুন, ধ্বনিৰাম চৌধুৰী ,সমাজকৰ্মী অনিল সিংহ আদি বিশিষ্ট লোকসকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী ,ছাত্ৰ - ছাত্ৰীসকল উপস্থিত থাকে ৷
ইপিনে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবতো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫০ সংখ্যক মৃত্যু দিৱসত তেওঁলৈ শ্ৰদ্ধাজ্ঞলি জনোৱা হয় ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায়কে ধৰি বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জনায় ৷
আনহাতে বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থা, ৰাভা সাহিত্য সভা, ৰাভা উন্নয়ন পৰিষদ দাবী সমিতি, সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ বঙাইগাঁও জিলা সমিতি আৰু বঙাইগাঁৱৰ ৰাভা সাংস্কৃতিক প্ৰকল্প আৰু গৱেষণা কেন্দ্ৰৰ যৌথ উদ্যোগতো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন কৰা হয় ৷ বঙাইগাঁও চহৰৰ সমীপৰ গোসাঁইপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত উদযাপন কৰা স্মৃতি দিৱস উপলক্ষে পুৱা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মাখন চন্দ্ৰ ৰাভা, জিলা ৰাভা সাহিত্য সভাৰ সভাপতি ফুলেন চন্দ্ৰ ৰাভা, ৰাভা সাংস্কৃতিক প্ৰকল্প আৰু গৱেষণা কেন্দ্ৰৰ সভাপতি ভৱেশ্বৰ ৰাভা আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ জিলা সভাপতি সমেশ্বৰ ৰাভাই নিজ নিজ সংগঠন আৰু অনুষ্ঠানৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰাৰ পিছত স্মৃতি তৰ্পণ কৰে ৰাভা সাংস্কৃতিক প্ৰকল্প আৰু গৱেষণা কেন্দ্ৰৰ সম্পাদক চবেন চন্দ্ৰ ৰাভাই ৷ ইয়াৰ পিছতে কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ জিলা সম্পাদক দ্বিজেন চন্দ্ৰ ৰাভাই ৷ গছ পুলি ৰোপণ কৰে গোসাঁইপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জিন্টি শৰ্মাই ৷ সেইদৰে 'প্ৰেৰণা' শীৰ্ষক ৰাভা ফটো মেগাজিন উন্মোচন কৰে সমাজকৰ্মী প্ৰভাত বৈষ্ণৱে ৷ এই কাৰ্যসূচীৰ পিছতে বঙাইগাঁও জিলাৰ ৰাভা জাতীয় সংগঠনসমূহৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ আনহাতে বিয়লিৰ ভাগত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ ৰাভা সাংস্কৃতিক প্ৰকল্প আৰু গৱেষণা কেন্দ্ৰৰ পত্ৰিকা সম্পাদক ৰাণু ৰাম ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত চলিত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ দহগৰাকী ৰাভা ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ সন্ধিয়া স্মৃতি দিৱস উদযাপন সমিতিৰ সভাপতি লক্ষী কান্ত ৰাভাই বন্তি প্ৰজ্বলন কৰে ৷
- Log in to post comments
- 43 views