আত্মহত্যাৰ অভিপ্ৰায়েৰে শৰাইঘাটত জাপ দিয়া যুৱকক বহৰিত জীৱন্তে উদ্ধাৰ

senga

চেঙাৰ পৰা সুৰজিৎ পাঠকৰ প্রতিবেদন :
 
ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে? এই আপ্তবাক্যশাৰীকেই সত্য প্ৰমাণিত কৰি বৰপেটাৰ তাৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে এজন যুৱকক। বুধবাৰে সন্ধিয়া  প্ৰায় ৭বজাত শৰাইঘাটৰ নতুন দলঙৰ পৰা আত্মহত্যা কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰত জাঁপ দিছিল এজন যুৱকে। যুৱকজনক পৰৱৰ্তী সময়ত বাক্সা জিলাৰ তামুলপুৰ থানাৰ ধুলাবৰী চালনপাৰা গাঁৱৰ প্ৰয়াত অক্ষয় স্বৰ্গীয়াৰীৰ পুত্ৰ লক্ষ্মণ স্বৰ্গীয়াৰী(৩১) বুলি জানিব পৰা যায়। উল্লেখ্য যে উক্ত দিনা যুৱকজনে দলঙৰ ওপৰত বাইক, হেলমেট আৰু মোবাইল থৈ জাঁপ দিছিল ব্ৰহ্মপুত্ৰত। জাঁপ দিয়াৰ কিছু সময় পিছতেই ব্ৰহ্মপুত্ৰৰে সেই সময়ত উটি অহা মেটেকা আৰু কলগছ দেখে, আৰু যুৱক তাকে সাৰথি কৰি সেইবোৰত ধাৰীয়েই উটি আহি থাকে।কিছু সময়  পিছত যুৱকজনে এখন ভূটভূটি দেখি চিঞৰি দিয়াত নাৱৰীয়াই যুৱকজনক পানীৰ পৰা  ভূটভূটিত তুলি বহৰিলৈ লৈ আহি তাৰাবাৰী আৰক্ষীক খবৰ দিয়ে। তাৰাবাৰী আৰক্ষী থানাৰ সহ: উপ পৰিদৰ্শক অনিল কুমাৰ পাঠকে যুৱকজনক বহৰি পাৰঘাটত  নাৱৰীয়াৰ পৰা ছমজি লৈ ১০৮ এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ নিয়ে। বৰ্তমান যুৱকজন সংকটমুক্ত  বুলি জানিব পৰা গৈছে।

Your Comments