বঙাইগাঁওঃ
ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গৃহ সমষ্টি বঙাইগাঁৱত ব্যাপক অনিয়ম আৰু কেলেংকাৰীৰে সুলভ মূল্যৰ দোকানসমূহ চলি থকা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অই অভিযোগ উত্থাপন কৰিছে বঙাইগাঁও চহৰৰ বাবুপাৰাৰ বাসিন্দা তথা সুলভ মূল্য দোকানৰ পৰিয়ালৰ সদস্য অখিল ৰায়ে ৷ আজি বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত অখিল ৰায়ে অভিযোগ কৰা মতে যোগান বিভাগৰ মন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিৰ যোগান বিভাগ তথা ৰাজহুৱা বিতৰণ ব্যৱস্থাত ব্যাপক অনিয়ম আৰু দুৰ্নীতি চলি আছে ৷ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ দুৰ্নীতি আৰু মইমতালীৰ বাবে বিভাগটো গেলি- পচি যোৱাৰ উপক্ৰম হৈছে ৷ অভিযোগকাৰী ৰায়ে কয় যে সুলভ মূল্যৰ দোকানসমূহৰ অনুজ্ঞাপত্ৰসমূহ কোনো দিনে এজনৰ পৰা আন এজনলৈ বিক্ৰী কৰিব নোৱাৰে ৷
এজনে এখন অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত তেওঁ সেইখন আনৰ ওচৰত বিক্ৰী কৰিব নোৱাৰে ৷ অনুজ্ঞাপত্ৰৰ গৰাকীয়ে সেইখন চৰকাৰক ওভোটাই দিব পাৰে যদিহে তেওঁ দোকানখন চলাবলৈ অসমৰ্থ হয় ৷ কিন্তু বঙাইগাঁৱত এই নীতি- নিৰ্দেশনা মানি চলা নহয় ৷ ইতিমধ্যে কেবাখনো সুলভ মূল্যৰ দোকান আনৰ ওচৰত বিক্ৰী হৈ যোৱা বুলি তথ্যও দাঙি ধৰে ৷ অভিযোগ তথা দাঙি ধৰা তথ্য অনুসৰি চহৰখনৰ তুলসী দাস সাহা, কল্পনা সাহা, এম আৰ দেৱনাথ আৰু মণিকা দাসৰ নামত থকা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰসমূহ বিভাগীয়ভাৱে বিভিন্ন সুৰুঙা দেখুৱাই আনৰ ওচৰত বিক্ৰী কৰা হৈছে ৷ ইয়াৰ বিৰোধিতা কৰিলেই বিভাগ আৰু একাংশ সুলভ মূল্যৰ দোকানীৰ আক্ৰোশৰ বলি হ'বলগীয়া হয় ৷ সেইদৰে বিভিন্নজনৰ সুলভ মূল্যৰ দোকানত এটা পৰিয়ালৰৰে এখনতকৈ বেছি ৰেচন কাৰ্ড আছে ৷
কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও অভিযোগ কৰে ৷ অখিল ৰায়ে সংবাদ মেলত আৰু অভিযোগ কৰি কয় যে বিভাগৰ নিয়ম অনুসৰি একোটা অঞ্চলত কমেও এহেজাৰ পৰিয়ালৰ বিপৰীতেহে এখন সুলভ মূল্যৰ দোকানৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰিব পাৰে ৷ কিন্তু বঙাইগাঁও চহৰৰ অধিকাংশ সুলভ মূল্যৰ দোকানৰ বিপৰীতে নাই এহেজাৰ পৰিয়াল ৷ দুই- তিনি শতাধিক পৰিয়াল থকা অঞ্চলতে চলি আছে সুলভ মূল্যৰ দোকান ৷ আনহাতে গ্ৰাহকসকলোকো সুলভ মূল্যৰ দোকানীসকলে প্ৰৱঞ্চনা কৰি অহা বুলি অভিযোগ উত্থাপন কৰি অখিল ৰায়ে কয় যে দোকানীসকলে গ্ৰাহকসকলক যি পৰিমাণৰ সামগ্ৰী প্ৰদান কৰিব লাগে সেয়া নকৰে ৷ চাউল, আটা, কেৰচিন আদি নিৰ্দিষ্ট পৰিমাণতকৈ কমকৈহে গ্ৰাহকক যোগান ধৰি দুৰ্নীতিৰ আশ্ৰয় লৈ আহিছে ৷
গ্ৰাহকক সামগ্ৰীসমূহ কমকৈ প্ৰদান কৰি ইয়াৰে এটা অংশ ক'লা বজাৰত বিক্ৰি কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে ৷ এই দুৰ্নীতি ঢাকিবলৈ সুলভ মূল্যৰ দোকানীসকলে কিন্তু লিপিবব্ধ কৰি কৰা তথ্যত তথা গ্ৰাহকৰ ৰেচন কাৰ্ডত সঠিক পৰিমাণৰ সামগ্ৰী প্ৰদান কৰা বুলিও উল্লেখ কৰে ৷ সেয়ে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে দোকানসমূহত নিৰপেক্ষভাৱে তদন্ত কৰিলে এই দুৰ্নীতিৰ তথ্য ওলাই পৰিব বুলিও কয় ৷ ইপিনে বঙাইগাঁও যোগান বিভাগ তথা ৰাজহুৱা বিতৰণ ব্যৱস্থাত চলি থকা এনে অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰাৰ বাবে তথা কিছুমান ভিতৰুৱা তথ্য লাভৰ বাবে আৰটিআই কৰাৰ পিছতে তেওঁ যোগান বিভাগৰ একাংশ বিষয়া আৰু সুলভ মূল্যৰ দোকানৰ একাংশ অসাধু ব্যৱসায়ীৰ আক্ৰোশৰ বলি হ'বলগীয়া হয় বুলি কয় ৷
যাৰ বাবে চহৰখনৰ ১১ নং ৱাৰ্ডৰ বাবুপাৰাত তেওঁৰ পত্নী বানী ৰায়ৰ নামত থকা সুলভ মূল্যৰ দোকানখনৰ অনুজ্ঞা পত্ৰ বিভাগীয়ভাৱে নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰিছে বুলি অভিযোগ কৰে ৷ অখিল ৰায়ৰ দাবী- যি অভিযোগৰ ভিত্তিত দোকানখনৰ অনুজ্ঞা পত্ৰ নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰিছে, তাতোকৈ অধিক গুৰুতৰ অভিযোগ থকা স্বত্বেও আন একাংশ দোকানৰ বিৰুদ্ধে গ্ৰহণ কৰা হোৱা নাই কোনো বিভাগীয় ব্যৱস্থা ৷
মোৰ পত্নীৰ দোকানত একেটা পৰিয়ালৰ সদ্যৰ নামত দুখনকৈ ৰেচন কাৰ্ড থকা , নিৰ্দিষ্ট পৰিমাণতকৈ কমকৈ গ্ৰাহকক সামগ্ৰী প্ৰদান কৰা, গ্ৰাহকক নিয়মীয়াকৈ সামগ্ৰী প্ৰদান নকৰা আদি অভিযোগ কৰি দোকানখনৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰিছে ৷ এই অভিযোগৰ উত্তৰ ইতিমধ্যে দিয়া হৈছে ৷ এঅ অভিযোগসমূহ মিছা ৷ যোৱা ৭ জুনত দোকানখনৰ অনুজ্ঞা পত্ৰ নিলম্বন কৰাৰ নিৰ্দেশ বিভাগীয়ভাৱে জাৰি কৰে যদিও এই নিলম্বন পত্ৰখন ১৫ জুনতহে পায় ৷ ইতিমধ্যে এই নিৰ্দেশনাৰ বিৰুদ্ধে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱা বুলিও জানিব দিয়ে ৷ সংবাদ মেলত তেওঁৰ কন্যাও উপস্থিত আছিল ৷
- Log in to post comments
- 10 views