বঙাইগাঁও ল'ৱাৰ আসাম হাস্পাতাল কৰ্তৃপক্ষৰ সংবাদ মেল :চহৰবাসী ৰাইজৰ সুবিধাৰ্থে নিশা চিকিৎসালয়খনলৈ বিনামূলীয়া এম্বুলেঞ্চ সেৱা

bgn

বঙাইগাঁওঃ 

বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ল'ৱাৰ আসাম হাস্পাতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ তৰফৰ পৰা বঙাইগাঁও চহৰবাসী ৰাইজৰ সুবিধাৰ বাবে নিশাৰ ভাগত চিকিৎসালয়খনলৈ বিনামূলীয়া এম্বুলেঞ্চ সেৱা প্ৰৱৰ্তন কৰিছে ৷ ইয়াৰ উপৰিও আন কেতবোৰ সুবিধাও আগবঢ়াইছে চিকিৎসালয়খনে ৷ আজি চিকিৎসালয়খনৰ সভা কক্ষত আয়োজন কৰা এখন সংবাদ মেলত চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ডাঃইতেশ বৰদলৈয়ে এই কথা সদৰি কৰে ৷ সংবাদ মেলত চিকিৎসক তথা স্বত্বাধিকাৰী ডাঃ বৰদলৈয়ে কয় যে দিনৰ ভাগত অসুস্থ হোৱা লোক তথা  ৰোগীক চিকিৎসালয়লৈ অনাৰ ক্ষেত্ৰত  পৰিয়ালৰ লোকে বিশেষ চিন্তা কৰিবলগীয়া নহয় ৷ যি কোনো ব্যৱস্থাৰে চিকিৎসালয়লৈ আনিবলৈ সক্ষম হয় ৷

কিন্তু নিশাৰ ভাগত হঠাতে অসুস্থ হোৱা লোকক অথবা যি কোনো  ৰোগীক চিকিৎসালয়লৈ আনিবলৈ পৰিয়ালৰ লোকে চিন্তা কৰিবলগীয়া হয় ৷ বিশেষকৈ সময়ত বাহন আদিৰ যোগাৰ নোহোৱাৰ বাবে বহুতে ৰোগীক চিকিৎসালয়লৈ অনাৰ বাবা হাহাকাৰ কৰিবলগীয়া হয় ৷ তাৰোপৰি ৰোগীক চিকিৎসালয়লৈ সময় মতে আনিবলৈ সক্ষম নোহোৱাৰ বাবে সঠিক সময়ত চিকিৎসা লাভৰ পৰা বঞ্চিত হয় ৷ সেয়ে এনে দিশবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চিকিৎসালয়খনৰ তৰফৰ পৰা নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈ ৰাইজৰ সুবিধাৰ্থে চিকিৎসালয়খনলৈ বিনামূলীয়া এম্বুলেঞ্চ সেৱা আগবঢ়োৱা হৈছে ৷ এই সময়ৰ ভিতৰত যি কোনো অসুস্থ লোক তথা ৰোগীক যদি চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আনিবলগীয়া হয়, তেতিয়াহ'লে চিকিৎসালয়খনৰ ৯৪৩৫৭২০৬২২ অথবা ৯১২৭৮০৭৮৫৭ মোবাইল নম্বৰত ফোন কৰিলেই হ'ল ৷ ফোন পোৱাৰ পিছতে এম্বুলেঞ্চ গৈ ৰোগীক ঘৰৰ পৰা বিনামূলীয়াকৈ চিকিৎসালয়খনলৈ লৈ আহিব ৷bgn3

ইয়াৰ ফলত ৰোগীয়ে কম সময়ৰ ভিতৰতে প্ৰয়োজনীয় চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব ৷ এই বিনামূলীয়া এম্বুলেঞ্চ সেৱা চিকিৎসালয়খনৰ পৰা বঙাইগাঁও চহৰৰ ৭ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰৰ অঞ্চলক সামৰি ল'ব ৷ এই বিনামূলীয়া এম্বুলেঞ্চ সেৱা  ছয় এপ্ৰিলৰ পৰা আৰম্ভ কৰা বুলিও স্বত্বাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ সেইদৰে চিকিৎসালয়খনে বয়োজ্যেষ্ঠ আৰু যিসকল লোক চিকিৎসালয়লৈ আহিবলৈ শাৰীৰিকভাৱে অক্ষম তথা চিকিৎসালয়লৈ ৰোগীক আনিবলৈ পৰিয়ালত লোকৰ অভাৱ তেনে লোকসকলৰ তেজৰ নমূনা ঘৰৰ পৰা বিনামূলীয়াকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছে ৷ এই সুবিধা পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ উপলব্ধ হ'ব আৰু চিকিৎসালয়খনৰ পৰা ৭ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত সীমাবদ্ধ থাকিব ৷

তাৰোপৰি চিকিৎসালয়খনৰ তৰফৰ পৰা ৰাইজৰ সুবিধাৰ্থে এবছৰৰ বাবে এখন বিনামূলীয়া হেল্ড কাৰ্ড বিতৰণৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ দ্বাৰা ৰোগীয়ে বহিঃ বিভাগৰ সকলো পৰীক্ষা - নিৰীক্ষাত শতকৰা ১৫ শতাংশ ৰেহাই পাব ৷ আনহাতে ৰাইজৰ সুবিধাৰ বাবে চিকিৎসালয়খনৰ মেডিচিন, ই এন টি, পেডিয়েট্ৰিক, গাইনক'লজি ,চাৰ্জাৰী আদি অপিডি বিভাগসমূহ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকিব বুলিও চিকিৎসক বৰদলৈয়ে কয় ৷ তেওঁ লগতে চিকিৎসালয়খনে ইতিমধ্যে ২৪ ঘন্টীয়া লেবৰটৰী  আৰু ব্লাড বেংকৰ সুবিধা আগবঢ়াই থকা হৈছে বুলিও উল্লেখ কৰে ৷ লেবৰটৰীত সকলো সময়তে প্ৰয়োজনীয় পৰীক্ষা কৰিব পাৰিব ৷ লগতে এম আৰ আই, চিটিস্কেন আদি সেৱাসমূহো ২৪ ঘন্টাই  উপলব্ধ বুলি জনায় ৷

উল্লেখ্য যে চিকিৎসালয়খনত বিগত বৰ্ষৰ ১৮ আগষ্টৰ পৰা ব্লাড বেংক কম্পোনেন্ট ব্যৱস্থাৰ মাধ্যমেৰে ৰোগীক প্ৰয়োজন অনুসৰি তেজৰ বিভিন্ন কম্পোনেন্ট যোগান ধৰি অহা হৈছে ৷ এনেধৰণৰ তেজৰ বিভিন্ন কম্পোনেন্ট থকা এইটোৱে নামনি অসমৰ ভিতৰত একমাত্ৰ ব্লাড বেংক ৷ তাৰোপৰি চিকিৎসালয়খনৰ ব্লেড বেংকটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সকলো দিশৰ পৰা প্ৰথমত থকা বুলিও চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ডাঃ ইতেশ বৰদলৈয়ে কয় ৷ সংবাদ মেলত চিকিৎসালয়খনৰ প্ৰৱন্ধক ফটিক কুমাৰ নাথ আদিও উপস্থিত আছিল ৷

Your Comments