মোৰাঝাৰৰ এচ বি আই শাখা স্থানান্তৰকৰণৰ প্ৰতিবাদত ধৰ্মঘটঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান 

dabaka

জমিৰ উদ্দিন তালুকদাৰ, ডবকা :

হোজাই জিলাৰ মোৰাঝাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাটো নীলবাগানলৈ স্থানান্তৰকৰণৰ প্ৰতিবাদত আজি উত্তপ্ত হৈ উঠে মোৰাঝাৰ ৷ আজি পূৱা ৮ বজাৰ পৰা ২ বজালৈ মোৰাঝাৰৰ এচ বি আই শাখা স্থানান্তৰকৰণৰ প্ৰতিবাদত মোৰাঝাৰ বজাৰত এচ বি আই মোৰাঝাৰ শাখা গ্ৰাহক সুৰক্ষা আৰু সমন্বয় সমিতিৰ উদ্যোগত আৰু এন এছ ইউ আই, আমছু, ইউ ডি এছ এফ, আকছু, নেমছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, ড্ৰাইভাৰ ইউনিয়ন, মোৰাঝাৰ ব্যৱসায়ী সংস্থাকে ধৰি স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত মোৰাঝাৰ বজাৰত এক সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

এই কাৰ্যসূচীত কেবা সহস্ৰাধিক বেংক গ্ৰাহক আৰু সচেতন ৰাইজ উপস্থিত হৈ শান্তিপূৰ্ণভাৱে হাতে হাতে প্লে কাৰ্ড লৈ নিজৰ দাবী সাব্যস্ত কৰে ৷ এই কাৰ্যসূচী ৰূপায়ণৰ সময়ছোৱাত নিজৰ ভাষণত সমন্বয় সমিতিৰ সভাপতি আমিৰ উদ্দিনে বেংকটোত সংঘটিত দুৰ্নীতিৰ চি বি আই  তদন্তৰ দাবী কৰি কেলেংকাৰীত জড়িত লোক সকলক আইনী শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷ বেংকটোত সংঘটিত কোটিটকীয়া ঋণ কেলেংকাৰীক গাপ দিবলৈ বেংক স্থানান্তৰকৰণৰ ষড়যন্ত্ৰ চলা বুলিও সভাপতি গৰাকীয়ে অভিযোগ কৰে ৷ বেংক স্থানান্তকৰণৰ সিদ্ধান্তক প্ৰবল বিৰোধিতা কৰি কৃষি প্ৰধান এলেকাৰ ৰাইজৰ স্বাৰ্থত বেংকৰ শাখাটো মোৰাঝাৰতে বাহাল ৰাখিবলৈ অনুৰোধ জনায় ৷ উল্লেখ্য যে আজি সাধাৰণ ধৰ্মঘটৰ অন্তত প্ৰতিবাদী ৰাইজে হোজাই জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, এচ বি আইৰ মুম্বাই কাৰ্যালয়ৰ চেয়াৰমেন, ক্ষেত্ৰীয় প্ৰৱন্ধক, ১০ নং নগাঁও সংসদীয় সমষ্টিৰ সাংসদক পৃথকে পৃথকে কেইবাখনো স্মাৰকপত্ৰ প্ৰদান কৰে ৷

ধৰ্মঘটস্থলীত হোজাই জিলা প্ৰশাসনৰ হৈ এগৰাকী অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাত এই প্ৰতিবাদৰ অন্ত পৰে ৷ স্মাৰক পত্ৰত উল্লেখ থাকে যে ভাৰতীয় ষ্টেট বেংকৰ, মোৰাঝাৰ শাখাটো ১৯৮৬ চনত স্থাপন কৰাৰ লগতে বৰ্তমান শাখাটোত ক্ষুদ্ৰ শাখাৰ গ্ৰাহক সহ মুঠ ১,০৩,১৮৩ জন গ্ৰাহক আছে ৷ বিগত কেবাটাও বৰ্ষত বেংকখনত কে চি চি ঋণ আৰু অন্যান্য ঋণ প্ৰদানত এক ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছিল ৷ কেলেংকাৰীক জড়িত কেবাগৰাকী বিষয়াক ইতিমধ্যে কৰ্তৃপক্ষই নিলম্বন কৰিছে ৷

মোৰাঝাৰৰ পৰা মাত্ৰ দহ কিলোমিটাৰ নিলগত থকা নীলবাগানত দুটাকৈ ৰাষ্ট্ৰীয়কৃত বেংক আছে, য'ত মোৰাঝাৰৰ একমাত্ৰ বেংকটো পুনৰ তালৈ উঠাই নিয়াৰ যুক্তিযুক্ততা নাই বুলি বহু কেইগৰাকী বক্তাই উল্লেখ কৰে ৷ বৰ্তমান বেংকটো চলি থকা বিল্ডিঙৰ সলনি প্ৰয়োজন হলে অইন বিল্ডিঙৰো ব্যৱস্থা গ্ৰাহক সুৰক্ষা সমিতিয়ে সাজু কৰি দিব বুলিও উল্লেখ কৰে ৷ আজিৰ ধৰ্মঘটত স্বতঃস্ফূৰ্তভাৱে মোৰাঝাৰৰ অঞ্চলৰ মোৰাঝাৰ, চৌধুৰী বজাৰ, চিতলমাৰী, দেৱস্থান, ৰহমতনগৰ আদি অঞ্চলৰ দোকান-পোহাৰ, স্কুল-কলেজ, যান-বাহনো সৰ্বাত্মক ৰূপত বন্ধ হোৱা পৰিলক্ষিত হয় ৷

Your Comments