বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন :
সমাজ খনত দৈনিক বৃদ্ধি পাই অহা হত্যা , ধৰ্ষণ , লুন্ঠন , অপহৰণকে ধৰি বিভিন্ন অপৰাধজনিত কাৰ্য প্ৰতিৰোধ কৰক , কু-সংস্কাৰ , অন্ধবিশ্বাস দুৰ কৰক , বাল্য বিবাহ , বহু বিবাহৰ পৰা সমাজক মুক্ত কৰক , দুটাতকৈ অধিক সন্তান জন্ম দিয়া বন্ধ কৰক , নাৰী সাৱলীকৰণত গুৰুত্ব দিয়ক আদি শ্লোগানেৰে আজি এক সজাগতামুলক সমদল বাহিৰ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ।
আমছুৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত আল্লিয়া আঞ্চলিক সমিতিয়ে আজি দিনৰ ভাগত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়া মিলন বজাৰৰ পৰা এক সমদল উলিয়াই অঞ্চলটো পৰিভ্ৰমণ কৰে।আজি আমছুৱে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত এই সজাগতামুলক সমদল বাহিৰ কৰি ছাত্ৰ ছাত্ৰী তথা ৰাইজক সজাগ কৰাৰ চেষ্টা কৰাৰ লগতে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰোৱাৰ শ্রেষ্ঠা কৰে ।
- Log in to post comments
- 11 views