![gayatri](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-20%20at%201.33.38%20AM.jpeg?itok=lmPMGjtc)
কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়ৰ প্রতিবেদন :
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী চেচাপানী গাঁৱৰ বাসিন্দা চানে বাহাদুৰ ৰাউত আৰু ইন্দিৰা ৰাউতৰ একমাত্ৰ জীয়ৰী গায়ত্ৰী দেৱীয়ে JEE Advance IIT ৰ প্ৰৱেশ পৰীক্ষা উত্তীৰ্ণ হোৱাত সমগ্ৰ জিলা খনতে উচাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে সমগ্ৰ বিটিএডিৰ ভিতৰত গায়ত্ৰী দেৱীয়ে JEE Advance গোৰ্খা সম্প্ৰদায়ৰ IIT উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী ছাত্ৰীৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
বাক্সা জিলাৰ নৱোদয় বিদ্যালয়ত অধ্যয়নকৰা ছাত্ৰী গৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৮৯% শতাংশৰে লক্ষ্ণৌ দক্ষিণা সংস্থাৰ জৰিয়তে JEE Advance IIT ৰ প্ৰৱেশ পৰীক্ষা অৱতীৰ্ণ হৈছিল ৷ গায়ত্ৰীয়ে জানিবলৈ দিয়া মতে , প্ৰতিদিনে ৬ ঘণ্টাকৈ পঢ়া-শুনা কৰিছিল। লগতে ভৱিষ্যতে ছফ্টৱেৰ ইঞ্জিনীয়াৰিং পঢ়াৰ আশা পুহি ৰখা বুলি প্ৰকাশ কৰে।
- Log in to post comments
- 86 views