দলগাৱৰ প্রতিবেদক :
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ বিভিন্ন ঠাইত তীৰ জুৱা, ভাং, মদ, গুটখা, ড্ৰাগছ আদি বিভিন্ন নিচাযুক্ত দ্ৰব্য আৰু বাল্য বিবাহ ৰোধ কৰাৰ দাবীত মঙলবাৰে দৰং জিলা ইত্তেহাদ ফ্ৰন্ট নামৰ সংগঠনটোৱে দৰঙৰ খাৰুপেটীয়া টাউনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী সমদল উলিয়াই বাল্য বিবাহ বন্ধ কৰক, তীৰ জুৱা, নিচাজাতীয় দ্ৰব্য সেৱন বন্ধ কৰক, আদি শ্লগানেৰে উত্তাল কৰি তোলে । ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নুৰ ইছলামৰ উপস্থিতিত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক সমৰ্থকে অংশ গ্ৰহন কৰে ।
- Log in to post comments
- 7 views