শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
কাটিগৰাৰ গুমৰাবজাৰৰ চৰকাৰী ভুমি বেদখলৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। এই সম্পৰ্কত
বিধায়ক অমৰচাদ জৈনৰ ভুমিকাকো ৰহস্যজনক বুলি সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছ,এআইইউডিএফ দলে। ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰীক এই সম্পৰ্কত কাটিগৰাৰ বহুকেইটা সংগঠনে স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। আনহাতে,চৰকাৰী ভুমি দুষ্ট চক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ কাছাৰ জিলা প্ৰশাসন সাজু থকা বুলি মন্তব্য কৰিছে কাছাৰৰ জিলা উপায়ুক্ত মিছ. লায়া মাধুৰীয়ে।
- Log in to post comments
- 192 views
